NORTHEAST NOW (Assamese)

AIUDF ৰ পাঁচ বিধায়কলৈ সন্দেহৰ আঙুলি; আওপকীয়াকৈ পৰাজয় স্বীকাৰ ৰিপুন বৰাৰ!

March 30, 2022 7:29 am · কল্পজ্যোতি শইকীয়া, গুৱাহাটী

ৰাজ্যসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে কংগ্ৰেছ মহাজোঁটত লাগিছে অথন্তৰ।নিৰ্বাচনৰ পূৰ্বেই যেন পৰাজয় নিশ্চিত হৈছে কংগ্ৰেছ মহাজোঁটৰ।

অৱশ্যে ৰাইজৰ দলৰ অখিল গগৈ আৰু চিপিআই (এম)ৰ মনোৰঞ্জন তালুকদাৰক লৈ কোনো আশংকা নাই কংগ্ৰেছৰ।

বিৰোধীৰ ২৮ গৰাকী বিধায়কে ৰিপুন বৰাক ভোট দিব বুলি দাবীও কৰিছে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

কিন্তু AIUDF ৰ পাঁচগৰাকী বিধায়কে ৰিপুন বৰাক ‘গাড্ডাৰ’ কৰিব বুলি দৃঢ় বিশ্বাস ভূপেন বৰাৰ। ভূপেন বৰাৰ মতে ‘৫ টা ভোট বিজেপিক বিক্ৰী কৰিছে AIUDFএ’।

মঙ্গলবাৰে এখন সংবাদ মেল সম্বোধন কৰি ভূপেন বৰাই কয়, “ধোকেবাজৰ লগত মিত্ৰতা নহয়। ভণ্ডামীৰ আশ্ৰয় লৈছে AIUDF-এ।”

“AIUDF দল আনডেম’ক্ৰেটিক ধোকেবাজ ফ্ৰন্ট। কেৱল অগৰ ব্যৱসায় জানে AIUDF এ”- ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত এই মন্তব্য কৰে ভূপেন বৰাই।

AIUDF ৰ লগত মিত্ৰতা কেতিয়াবাই ভংগ হোৱা বুলি উল্লেখ কৰি ভূপেন বৰাই কয় “AIUDF ৰ কথা শুনি ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধী ঐক্য হৈছিলো।”

আনহাতে কংগ্ৰেছৰ এই অভিযোগৰ পাছতে AIUDF ৰ বিধায়ক আশ্ৰাফুল হুছেইনে এই অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ AIUDF ৰ আটাইকেইটা ভোট ৰিপুন বৰাই পাব বুলি নিশ্চয়তা দিছে।

Related News