NORTHEAST NOW (Assamese)

অগপৰ পাছত এইবাৰ কংগ্ৰেছ : দুৰ্ধৰ্ষ চোৰাং গঁড় চিকাৰীক পঞ্চায়তত প্ৰাৰ্থিত্ব

November 17, 2018 1:44 pm · এন ই নাও নিউজ
কংগ্ৰেছৰ পঞ্চায়তৰ প্ৰাৰ্থী গঁড় চিকাৰী দিলোৱাৰ হুছেইন।

অগপৰ পাছত এইবাৰ কংগ্ৰেছেও গঁড় চিকাৰীক দিলে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্ব। এজন দুৰ্ধৰ্ষ চোৰাং চিকাৰীক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সুযোগ দিছে কংগ্ৰেছৰ দৰে পুৰণি এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে।

জানিব পৰা মতে, গঁড় হত্যাৰ লগত জড়িতৰ অভিযোগত কেইবাবাৰো গ্ৰেপ্তাৰ হোৱা দিলোৱাৰ হুছেইন নামৰ চোৰাং চিকাৰীজনক বিশ্বনাথৰ চোৱাগুৰি গাঁও পঞ্চায়তৰ সভাপতি পদত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

দিলোৱাৰৰ বিৰুদ্ধে বিশ্বনাথ আৰু বাগৰিত গোচৰ পঞ্জীয়ন হৈ আছে। তদুপৰি, আদালতে এতিয়াও দিলোৱাৰক অভিযুক্ত মুক্ত কৰা নাই। কাজিৰঙাৰ বাগৰি ৰেঞ্জত গঁড় হত্যাৰ লগত জড়িত দিলোৱাৰ হুছেইনৰ বিৰুদ্ধে কলিয়াবৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত বিচাৰ চলি আছে।

বৰ্তমান জামিন লাভ কৰি ন্যায়িক জিম্মাৰ বাহিৰত থকা দিলোৱাৰ হুছেইনে এইবাৰ কংগ্ৰেছ দলৰ পৰা টিকট লাভ কৰি বিশ্বনাথৰ চোৱাগুৰি পঞ্চায়তৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দিলোৱাৰে ইতিমধ্যে কংগ্ৰেছ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে।

উল্লেখযোগ্য যে গোলাঘাট জিলাৰ ধনশিৰিমুখত আগন্তুক পঞ্চায়ত নিৰ্বাচনত  গাঁও পঞ্চায়তৰ প্ৰাৰ্থী হিচাপে অগপ দলৰ টিকটত এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব গণেশ দলে নামৰ এজন দুৰ্ধৰ্ষ চোৰাং চিকাৰীয়ে।

গণেশ দলেৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ ৰংমংৱি আৰক্ষী থানাত এটা গোচৰ (৭/১২) পঞ্জীয়নভুক্ত হৈ আছে। এখন আৰক্ষী থানাত চোৰাং চিকাৰৰ অভিযোগত দলেৰ বিৰুদ্ধে এটা গোচৰ পঞ্জীয়নভুক্ত হৈ থকা সত্তেও আঞ্চলিক দলটোৰ টিকটত দলেই পঞ্চায়ত সভাপতিৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটোৱে ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related News