NORTHEAST NOW (Assamese)

বিশাল ৰেলীৰে শিৱসাগৰত মনোনয়ন দাখিল কংগ্ৰেছৰ শুভ্ৰমিত্ৰ গগৈ আৰু বিজেপিৰ সুৰভি ৰাজকোঁৱৰীৰ

March 10, 2021 8:36 am · পার্শ্বজোতি গগৈ
ফটো: নৰ্থইষ্ট নাও।

ৰাজ্যত অনুষ্ঠিত হবলগীয়া প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ মঙলবাৰে অন্তিম দিন আছিল। মনোনয়ন দাখিলৰ অন্তিম দিনা শিৱসাগৰত কংগ্ৰেছ আৰু বিজেপিৰ  দুই গৰাকী প্ৰাৰ্খীয়ে মনোনয়ন দাখিল কৰে শিৱসাগৰ জিলা উপায়ুক্তৰ হাতত।

নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা পদব্ৰজেৰে এক বৃহৎ সমদল কৰি মনোনয়ন দাখিল কৰে কংগ্ৰেছৰ যুৱ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈয়ে।

শিৱসাগৰত কংগ্ৰেছৰ জয় এশ শতাংশ নিশ্চিত বুলি মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈ। লগতে তেওঁ কয়, এইবাৰ বিৰোধী ধূলিসাৎ হব।

আনহাতে, শিৱসাগৰৰ কেপিএম হ’লৰ পৰা পদব্ৰজেৰে সমদল কৰি শিৱসাগৰ জিলা উপায়ুক্তৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকোঁৱৰীয়ে।

বিজেপি প্ৰাৰ্থী গৰাকীৰ সমৰ্থনত মনোনয়ন দাখিলত সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।

সুৰভি ৰাজকোঁৱৰীৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে শিৱসাগৰৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে শিৱসাগৰবাসী ৰাইজে সুৰভি ৰাজকোঁৱৰীক বিপুল ভোটত জয়ী কৰাব।

কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাক শিৱসাগৰবাসীয়ে ঘৃণাৰ চকুৰে চাইছে। গতিকে এইবাৰ শিৱসাগৰবাসীয়ে বিজেপিক জয়ী কৰাব বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে।

Related News