NORTHEAST NOW (Assamese)

কংগ্ৰেছৰ তিনিটা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা; পশ্চিম গুৱাহাটীত কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ

March 18, 2021 6:41 am · কল্পজ্যোতি শইকীয়া

কংগ্ৰেছৰ হাজোকে ধৰি তিনি সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে। হাজো সমষ্টিত আনোৱাৰ হুছেইন, পশ্চিম গুৱাহাটী সমষ্টিত ন কংগ্ৰেছী মীৰা বৰঠাকুৰ আৰু বৰপেটাত আব্দুৰ ৰহিম আহমেদক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

পূব গুৱাহাটী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিল মীৰা বৰঠাকুৰে। কিন্তু সমষ্টিটোত অসীমা বৰদলৈক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে প্ৰদেশ কংগ্ৰেছে।

ইপিনে পশ্চিম গুৱাহাটী সমষ্টিত গায়ক তথা ন কংগ্ৰেছী বাবু বৰুৱা প্ৰাৰ্থীৰ বাবে দাবীদাৰ আছিল যদিও বিসম্বাদ হোৱাৰ ভয়তে সমষ্টিটোত কংগ্ৰেছে মীৰা বৰঠাকুৰক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে।

অৱশ্যে সমষ্টিটোত বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী  তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগত মীৰা বৰঠাকুৰ যুজঁখন কিমান আকৰ্ষণীয় হৈ উঠে সেয়া সময়ত লক্ষণীয় হ’ব।

ইপিনে হাজোত প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলু আহমেদক পৰাভূত কৰিবৰ বাবেই কংগ্ৰেছে আনোৱাৰ হুছেইনক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বুলি সূত্ৰত প্ৰকাশ।

বৰপেটাত প্ৰাক্তন আমছু নেতা তথা পূৰ্বে সমষ্টিটোৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে পৰাজিত হোৱা আব্দুৰ ৰহিম আহমেদকে প্ৰাৰ্থিত্ব দিয়া হৈছে।

Related News