NORTHEAST NOW (Assamese)

Rajya Sabha polls: ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে কংগ্ৰেছে; তালিকাত কোন কোন?

May 30, 2022 10:26 am · এন ই নাও নিউজ, গুৱাহাটী

অহা ১০ জুনত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন। কংগ্ৰেছে এই নিৰ্বাচনৰ বাবে ১০ জন প্ৰাৰ্থীৰ এখন তালিকা ঘোষণা কৰিছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰম, জয়ৰাম ৰমেশ, অজয় মাকেনৰ লগতে দলটোৰ মুখ্য মুখপাত্ৰ ৰণদীপ সুৰজেৱালাক তালিকাখনত স্থান দিয়া হৈছে।

তামিলনাডুৰ পৰা চিদাম্বৰমৰ নাম আৰু ৰমেশৰ নাম কৰ্ণাটকৰ পৰা দিয়া হৈছে । আনহাতে, হাৰিয়ানাৰ পৰা মাকেনৰ নাম আৰু সুৰজেৱালাৰ নাম ৰাজস্থানৰ পৰা দিয়া হৈছে।

 

তদুপৰি, কংগ্ৰেছৰ তালিকাত ৰাজস্থানৰ মুকুল ৱাচনিক আৰু প্ৰমোদ তিৱাৰীৰ নাম আছে। মধ্য প্ৰদেশৰ দিয়া হৈছে বিবেক তানখাৰ নাম। ৰাজীব শুক্লা আৰু ৰঞ্জিত ৰঞ্জনক ছত্তীশগড়ৰ পৰা দিয়া হৈছে আৰু মহাৰাষ্ট্ৰৰ পৰা ইমৰান প্ৰতাপগড়ীয়ে টিকট পাইছে।

 

অহা দুমাহৰ ভিতৰত ৰাজ্যসভাত খালী হ’বলগীয়া ৫৫ টা পদৰ ভিতৰত ৭ জন কংগ্ৰেছৰ সদস্য। তেওঁলোক হৈছে চিদাম্বৰম (মহাৰাষ্ট্ৰ), জয়ৰাম ৰমেশ (কৰ্ণাটক), অম্বিকা চোনি (পঞ্জাৱ), বিবেক তানখা (মধ্য প্ৰদেশ), প্ৰদীপ তামতা (উত্তৰাখণ্ড), কপিল চিব্বল (উত্তৰ প্ৰদেশ) আৰু ছায়া বাৰ্মা (ছত্তীশগড়)।     

Related News