NORTHEAST NOW (Assamese)

কংগ্ৰেছৰ নতুন পদক্ষেপ! আৰম্ভ কৰিছে ড° মনমোহন সিং ফেল’শ্বিপ কাৰ্যসূচী

April 5, 2025 10:24 am · এন ই নাও নিউজ, গুৱাহাটী

নতুন প্ৰজন্মৰ নেতৃত্ব গঢ়ি তোলাৰ বাবে আৰু ৰাজনীতিত পেছাদাৰী সকলৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ কংগ্ৰেছ দলে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ নামত এটা মিড কেৰিয়াৰ ফেল’শ্বিপ কাৰ্যসূচী ঘোষণা কৰিছে।

‘ড. মনমোহন সিং ফেল’শ্বিপ’ কাৰ্যসূচীৰ অধীনত প্ৰতি বছৰে ৫০ গৰাকী পেছাদাৰী ব্যক্তি বাছনি কৰা হ’ব যিসকলে সমাজসেৱাৰ মানসিকতাৰে ৰাজনীতিত অৰিহণা যোগাবলৈ ইচ্ছুক।

দিল্লীত অনুষ্ঠিত সংবাদমেলত কংগ্ৰেছৰ প্ৰচাৰ মুৰব্বী পৱন খেৰাই কয় যে, “এই মঞ্চ ভাৰতৰ সংবিধান আৰু কংগ্ৰেছৰ মূল মূল্যবোধত বিশ্বাসীসকলৰ বাবে। ই ৰাজনীতিত নতুন চিন্তা আৰু পাৰস্পৰিক শিক্ষণৰ সুযোগ সৃষ্টি কৰিব।”

পেছাদাৰী কংগ্ৰেছৰ অধ্যক্ষ তথা দলৰ ডাটা এনালাইটিক্স বিভাগৰ মুৰব্বী প্ৰবীণ চক্ৰৱৰ্তীয়ে কয় যে, “এই কাৰ্যসূচী জনসেৱাৰ প্ৰতি দায়বদ্ধ ছিনিয়ৰ পেছাদাৰীসকলৰ বাবে। আমি আশা কৰিছো যে ইয়াৰ পৰাই কংগ্ৰেছৰ ভৱিষ্যত নেতৃত্বৰ উন্মেষ ঘটিব, যিটো ড° সিঙৰ প্ৰতি উপযুক্ত শ্ৰদ্ধাঞ্জলি হ’ব।”

প্ৰাক্তন আই এ এছ বিষয়া তথা ইউ পি এৰ শাসনকালত ৰাষ্ট্ৰীয় পৰামৰ্শদাতা পৰিষদৰ সদস্য কে ৰাজুৱে কয়, “ৰাজনৈতিক নেতাসকলৰ বিভিন্ন বিষয়ৰ গভীৰ জ্ঞান থকাটো প্ৰয়োজন। এই পদক্ষেপে কংগ্ৰেছক আন দলৰ পৰা পৃথক কৰি তুলিব।”

১৯৯১ চনত বিত্তমন্ত্ৰী হিচাপে ভাৰতৰ অৰ্থনৈতিক উদাৰীকৰণত ড° মনমোহন সিঙে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু প্ৰধানমন্ত্ৰী হিচাপে (২০০৪-১৪) সামাজিক ন্যায় আৰু সৰ্বাংগীন উন্নয়নৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছিল।

এই কাৰ্যসূচীক তেওঁৰ সেই ঐতিহ্যক সন্মান জনাই ভৱিষ্যতৰ নেতৃত্ব গঢ় দিয়াৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।

Related News