NORTHEAST NOW (Assamese)

CAB ৰ বিৰোধিতাৰে ৰাজ্যসভাৰ শূন্যকাল বৰ্জন কংগ্ৰেছৰ

December 12, 2019 7:52 pm · এন ই নাও নিউজ
ৰাজ্যসভা

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বৃহস্পতিবাৰে কংগ্ৰেছে ৰাজ্যসভাৰ শূন্য কাল বৰ্জন কৰে।

‘‘আমি আজি ৰাজ্যসভাৰ শূন্যকাল বৰ্জন কৰিছো। মই অধ্যক্ষৰ পৰা অসমৰ পৰিস্থিতিৰ বিষয়ে কোৱাৰ বাবে সময় বিচাৰিছিলো কিন্তু মোক সময় নিদিলে,’’ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বুলিও বৰাই কয়।

‘‘অসমত যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। অসমত বৰ্তমান কোনোধৰণৰ চৰকাৰ নাই আৰু অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বিজেপি চৰকাৰ জগৰীয়া,’’ ৰিপুন বৰাই লগতে কয়।

শৰনাৰ্থীক ভাৰতীয় নাগৰিকত্ব দিয়াৰ নতুন তাৰিখৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।

বিজেপিক সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে, বিজেপিয়ে কংগ্ৰেছক সমালোচনা কৰে কিন্তু বৰ্তমান ৰাজ্যৰ গুৰুতৰ পৰিস্থিতিৰ বাবে বিজেপি আৰু আৰ এছ এছ দায়ী।

আন এগৰাকী কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক অসাংবিধানিক আখ্যা দিয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ ফলত অসমৰ খিলঞ্জীয়া জনসাধাৰণ সংখ্যালঘুত পৰিণত হ’ব বুলিও বৰদলৈয়ে কয়।

বিজেপিয়ে প্ৰতিবাদকাৰীৰ মাজত তৃতীয় শক্তিক জড়িত কৰি প্ৰতিবাদ কাৰ্য্যসূচীক হিংসাত্মক ৰূপ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সাংসদ গৰাকীয়ে।

অসমৰ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে বুলি কৈ চৰকাৰক কঠোৰ সমালোচনা কৰে।

Related News