NORTHEAST NOW (Assamese)

কংগ্ৰেছে সাজিছিল বিমান বন্দৰ-ৰেলপথ,বিজেপিয়ে বেচি কৰিছে তহিলং— কোনে ক’লে?

October 31, 2021 5:17 pm · এন ই নাও নিউজ,গুৱাহাটী

কংগ্ৰেছে বিগত ৭০ টা বছৰত ৰে’লপথ, বিমান বন্দৰ, ৰাস্তা-ঘাট নিৰ্মাণ কৰিছিল যদিও বিজেপিয়ে এতিয়া সেইবোৰ বেচি তহিলং কৰিছে।

এই মন্তব্য কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ।

বিজেপি চৰকাৰক আক্ৰমণ কৰি প্ৰিয়ংকাই কয়— ‘তেওঁলোকে সুধিছে যোৱা ৭০ টা বছৰত কংগ্ৰেছে কি কাম কৰিলে বুলি। কংগ্ৰেছে ৭০ টা বছৰত দেশৰ ৰে’লপথ, বিমান বন্দৰ, ৰাস্তা-ঘাট আদি নিৰ্মাণ কৰিলে। ৭০ বছৰৰ এই কামক এতিয়া বিজেপিয়ে ৭ বছৰতে ধ্বংসৰ দিশলৈ ঠেলি দিছে’।

উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ এখন জনসভাত ভাষণ দি প্ৰিয়ংকা গান্ধীয়ে এনেদৰে মন্তব্য কৰে।

তেওঁ উত্তৰ প্ৰদেশৰ যোগী আদিত্য নাথৰ চৰকাৰ খনকো চোকা সমালোচনা কৰে। প্ৰিয়ংকাই কয় যে উত্তৰ প্ৰদেশত এতিয়া ৫ কোটি যুৱক-যুৱতী নিৱনুৱা হৈ আছে।

ৰাজ্য খনত প্ৰতিদিনে গড়ে তিনিগৰাকীকৈ নিৱনুৱা যুৱক-যুৱতীয়ে আত্মহত্যা কৰে বুলিও প্ৰিয়ংকাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

উত্তৰ প্ৰদেশত আদিত্যনাথৰ চৰকাৰে সকলো জাতি-উপজাতিৰ লোককে শোষণ কৰি আহিছে বুলিও প্ৰিয়কা গান্ধীয়ে অভিযোগ কৰে।

Related News