NORTHEAST NOW (Assamese)

মনোনয়ন উঠাই ল’বলৈ মন্ত্ৰী হিমন্তৰ হৈ লোভনীয় প্ৰস্তাৱ দিয়া হৈছিল ৰমেন বৰঠাকুৰক

March 31, 2021 5:34 pm · কল্পজ্যোতি শইকীয়া
Updated: March 31, 2021 5:44 pm

মন্ত্ৰী হিমন্তৰ হৈ জালুকবাৰীৰ পৰা মনোনয়ন উঠাই ল’বলৈ লোভনীয় প্ৰস্তাৱ পাইছিল ৰমেন বৰঠাকুৰে। সংবাদমেল পাতি এই বিস্ফোৰক অভিযোগ তুলিছে জালুকবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰে।

তেওঁ সংবাদমেলত কয় ‘মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ মণিপুৰৰ কোনোৱে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত  মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ লোভনীয় প্ৰলোভন দিছিল । যদি  এইক্ষেত্ৰত মানহানি গোচৰ দিয়ে তেন্তে তথ্য সহকাৰে দাখিল কৰিবলৈয়ো প্ৰস্তুত।‘

আনকি তেওঁ দাবী কৰা মতে ‘ৰাজ্যসভাৰ সাংসদ পদো ল’বলৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা অফাৰ আহিছিল ৰমেন বৰঠাকুৰলৈ।

ইপিনে, জালুকবাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাত অসুবিধাৰ সন্মুখীন   হোৱাৰ অভিযোগো উত্থাপন কৰে কংগ্ৰেছৰ প্ৰাৰ্থী ৰমেন বৰঠাকুৰে। সমষ্টিটোত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্য্যালয় খুলিবলৈ নিদিয়াৰ অভিযোগ  কৰে বৰঠাকুৰে।

এই সন্দৰ্ভত কংগ্ৰেছে ৰিটাৰ্ণিং বিষয়াক অভিযোগ দাখিল কৰিছে বুলি তেওঁ প্ৰকাশ কৰে ।

ইপিনে, হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰীক NIA ৰ অধীনত গ্ৰেপ্তাৰ কৰোৱাম বুলি কোৱাটোতো ৰাজনৈতিক চাল আছে বুলি দাবী কৰি বৰঠাকুৰে কয় ‘জালুকবাৰী সমষ্টিৰ উন্নয়নত সঁচাকৈয়ে ব্যৰ্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ জালুকবাৰী সমষ্টিৰ উন্নয়ন কৰিব বিচৰা নাই। তেওঁ জালুকবাৰী সমষ্টিত এই প্ৰভুত্ব দেখুৱাব বিচাৰিছে যে যদি হাগ্ৰামা মহিলাৰীক NIA লগাই গ্ৰেপ্তাৰ কৰোৱাব পাৰে তেন্তে সমষ্টিবাসীক কি কৰিব নোৱাৰিব।‘

‘কংগ্ৰেছৰ ২০ বছৰীয়া শাসনকাল আৰু বিজেপিৰ শাসনকালত তেওঁ জালুকবাৰীত এজনো নেতৃত্বৰ সৃষ্টি কৰিব পৰা নাই। সেয়েহে আজি কংগ্ৰেছ দলৰ পৰা জালুকবাৰীত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হৈছে। তেওঁ মনোনয়ন দাখিল কৰাৰ সময়তো কেৱল পত্নী আৰু এগৰাকী উকিলকহে লগত নিছিল। তেওঁ জালুকবাৰী সমষ্টিৰ এজন ৰাজনৈতিক কৰ্মীকো মনোনয়ন দিবলৈ লগত নিব নোৱাৰিলে।‘ বৰঠাকুৰে লগতে কয়।

আনহাতে, জালুকবাৰী সমষ্টিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক শোষণ চলাইছে বুলি দাবী কৰাৰ লগতে  অৰ্থনৈতিক শোষণ চলাইছে বুলিও দাবী  কৰে ৰমেন বৰঠাকুৰে।

Related News