NORTHEAST NOW (Assamese)
অসম

টীয়কত বিজেপিৰ দুৰ্গত কঁপনি তুলিছে কংগ্ৰেছৰ প্ৰাৰ্থী পল্লৱী গগৈয়ে

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক March 19, 2021 5:03 pm
ajp

টীয়কত বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থীৰ বাবে জয় সিমান সহজ নহ’ব।

২০১৬ ৰ বিধানসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীতকৈ মাত্ৰ কেইটামান ভোটহে কম পোৱা কংগ্ৰেছৰ পল্লৱী গগৈয়ে এইবাৰো সমষ্টিটোত বিজেপিৰ বাবে হৈ পৰিছে তীব্ৰ প্ৰত্যাহ্বান।

চৌদিশে নিৰ্বাচনী বতাহ।সমষ্টিৰ চুকে কোণে গাঁৱে ভুঞে প্ৰাৰ্থীসকল ব্যস্ত নিজ নিজ প্ৰচাৰত।

টীয়কতো কংগ্ৰেছ দলৰ প্ৰাৰ্থী যুৱনেত্ৰী পল্লবী গগৈয়ে গাঁৱে গাঁৱে প্ৰচাৰ অভিযান আৰম্ভ কৰা দেখা গৈছে ।

প্ৰতিজন ভোটাৰক ওচৰৰ পৰা লগ পাই তেওঁলোকৰ অভাৱ অভিযোগ তথা নিৰ্বাচনৰ পাছত জয়ী হ’লে সেইসকল ৰাইজৰ বাবে কি কৰণীয় থাকিব তাক নিখুঁতভাৱে অনুভৱ কৰাৰ অৰ্থে ঘৰে ঘৰে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে বুলি মন্তব্য কৰিছে যুৱনেত্ৰী পল্লবী গগৈয়ে ।

উল্লেখযোগ্য যে যোৱা ১৬ ৰ নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ লগত অতি কম ভোটত পৰাস্ত হোৱা পল্লবী গগৈয়ে আজি টীয়কৰ ভিতৰুৱা বান বিধ্বস্ত অঞ্চল ঔগুৰি বৰকুৰত উপস্থিত হৈ ৰাইজৰ ঘৰে ঘৰে সোমাৱাৰ লগতে কেইবাটাও নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে।

কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ বাবেই সমষ্টিটোত বিজেপিৰ দুৰ্গত কঁপনি উঠা বুলি বিভিন্ন মহলত চৰ্চা হৈছে।