NORTHEAST NOW (Assamese)
Popular Stories

যৌন আতিশয্যৰ গোচৰত এইবাৰ লকআপত সোমাল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উপ সচিব

Posted by: কল্পজ্যোতি শইকীয়া August 11, 2018 5:16 pm
Safiul Alam rape accused

অসমত এইবাৰ এটাৰ পিছত আনটো যৌন কেলেংকাৰিত সোমাই পৰিছে মন্ত্ৰী-আমোলাৰ নাম। কালি ৰাজেন গোহাঁইৰ বিৰুদ্ধে উঠা ধৰ্ষণৰ গোচৰৰ খবৰে ৰাজ্যজুৰি সৃষ্টি কৰা চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নাবালিকাক যৌন আতিশয্য চলোৱাৰ অভিযোগত লকআপত সোমাল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এগৰাকী উপ সচিব।

মহানগৰীৰ হাতীগাঁও আৰক্ষীয়ে আটক কৰা অভিযুক্ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উপ সচিব গৰাকী হৈছে হাতীগাঁও আৰক্ষী থানাৰ সমীপৰ মাধুৰ্য্য এনক্লে’ভৰ নিবাসী চফিউৰ আলম।

আৰক্ষীয়ে জনোৱা মতে যোৱা নিশা প্ৰায় ৮:৩০ বজাত একেটা এপাৰেটমেন্টৰে তলৰ মহলাত বাস কৰা নাবালিকা এগৰাকীক ঘৰত কোনো নথকাৰ সুযোগ লৈ অসৎ চৰিত্ৰৰ আলমে অপকৰ্ম কৰাৰ চেষ্টা চলাইছিল।

ঘটনাটো সংঘটিত কৰাৰ সময়ত ঘৰৰ আটাইবোৰ মানুহ দোকানত আছিল বুলি নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

পিছত তেওঁলোকে দিয়া গোচৰৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে কালি ৰাতিয়েই অভিযুক্ত আলমক POSCO আইনৰ আধাৰত ভাৰতীয় দণ্ডবিধিৰ ৪৪৮/৩৭৬/৫১১/৩৫৪ ধৰাৰ অধীনত ৫৭১/১৮ নং গোচৰ ৰুজু কৰি আটক কৰে।

বৰ্তমান আৰক্ষীয়ে  অভিযুক্ত আলমক সোধা-পোছা অব্যাহত ৰাখিছে।