NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি, বুঢ়াপাহাৰত নতুন বনাঞ্চলিক বিষয়াক নিযুক্তি

Posted by: উত্তম শইকীয়া August 11, 2018 5:10 pm
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি, বুঢ়াপাহাৰত নতুন বনাঞ্চলিক বিষয়াক নিযুক্তি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি আৰু বুঢ়াপাহাৰ ৰেঞ্জৰ বনাঞ্চলিক বিষয়া গুনজিত তালুকদাৰ আৰু পুষ্পধৰ বুঢ়াগোহাঁইৰ বদলি হোৱাত উক্ত ৰেঞ্জত নতুন বনাঞ্চলিক বিষয়াই যোগদান কৰিছে ৷

১০ আগষ্টত ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি ৰেঞ্জত পূৰ্বৰ বনাঞ্চলিক বিষয়া গুনজিত তালুকদাৰৰ ঠাইত পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ অভিজ্ঞ খণ্ড বন বিষয়া ধৰণী বৰাক পদোন্নতিৰে নিযুক্তি দিয়া হৈছে ৷

খণ্ড বন বিষয়া হিচাপে নিযুক্তি হোৱাৰ পূৰ্বে ধৰণী বৰাই সুদীৰ্ঘ দিন অগৰাতলি ৰেঞ্জতো কাম কৰিছিল ৷

আনহাতে বনাঞ্চলিক বিষয়া গুনজিত তালুকদাৰক বঙ্গাইগাঁৱৰ সামাজিক বনানীকৰণ বিভাগৰ বনাঞ্চলিক বিষয়া হিচাপে বদলি কৰা হৈছে ৷

লগতে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ ৰেঞ্জৰ বনাঞ্চলিক বিষয়া পুষ্পধৰ বুঢ়াগোহাঁইক গোলাঘাট বন সংমণ্ডললৈ বদলি কৰি তেওঁৰ স্থানত প্ৰদীপ গোস্বামীক পদোন্নতিৰে নিযুক্তি দিয়া হৈছে ৷

ইফালে শুকুৰবাৰে কাজিৰঙাৰ বাগৰি বনাঞ্চলত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দুজন বনাঞ্চলিক বিষয়াকে বিদায় সম্ভাষণ জনোৱাৰ লগতে নৱ নিযুক্ত দুগৰাকী বিষয়াক ৰাষ্ট্ৰীয় উদ্যানখনলৈ আদৰণি জনোৱা হয়।