NORTHEAST NOW (Assamese)

তামিলনাডুত বিজয় চৰকাৰক কংগ্ৰেছৰ চৰ্তসাপেক্ষ সমৰ্থন : কি কি চৰ্ত আৰোপ কৰিলে দলটোৱে?

May 6, 2026 7:38 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 10:22 am

তামিলনাডুৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত ৰাজ্যখনত চৰকাৰ গঠনৰ প্ৰক্ৰিয়াই এক আমোদজনক মোৰ লৈছে। অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা চি বিজয়ৰ দল তামিলগা ভেট্ৰি কাঝাগম চমুকৈ টিভিকে-ক পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছে আনুষ্ঠানিকভাৱে সমৰ্থন আগবঢ়াইছে।

বুধবাৰে কংগ্ৰেছ দলে এই ঘোষণা কৰাৰ লগতে ইয়াৰ বাবে এক বিশেষ চৰ্তও আৰোপ কৰিছে। দলটোৱে জনাইছে যে এই মিত্ৰজোঁটত কোনো ধৰণৰ সাম্প্ৰদায়িক শক্তিক স্থান দিব পৰা নাযাব।

তামিলনাডু কংগ্ৰেছৰ প্ৰভাৰী গিৰিশ চোডাংকাৰে এক বিবৃতিত প্ৰকাশ কৰিছে যে নিৰ্বাচনৰ ফলাফলৰ পিছত বিজয়ে কংগ্ৰেছৰ সহায় বিচাৰিছিল। কংগ্ৰেছৰ মতে এই নিৰ্বাচনী ফলাফল হৈছে এক ধৰ্মনিৰপেক্ষ আৰু প্ৰগতিশীল চৰকাৰৰ বাবে জনসাধাৰণে দিয়া ৰায়। তামিলনাডুৰ যুৱ প্ৰজন্মই বিজয়ক নেতৃত্ব দিয়াটো বিচাৰিছে বুলি উল্লেখ কৰি কংগ্ৰেছ বিধায়িনী দল আৰু প্ৰদেশ কংগ্ৰেছ সমিতিয়ে তেওঁক পূৰ্ণ সমৰ্থন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অৱশ্যে কংগ্ৰেছে জনাইছে যে তেওঁলোকৰ এই সমৰ্থন কেৱল তেতিয়াহে বাহাল থাকিব যদিহে ভাৰতীয় সংবিধানক বিশ্বাস নকৰা সাম্প্ৰদায়িক শক্তিবোৰক এই মিত্ৰজোঁটৰ পৰা আঁতৰাই ৰখা হয়। কংগ্ৰেছৰ এই মন্তব্যই পোনপটীয়াকৈ ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ সহযোগী দলসমূহৰ কথাকে বুজাইছে। ২৩৪ খন আসনৰ তামিলনাডু বিধানসভাত বিজয়ৰ দলে প্ৰথমবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈয়ে ১০৮ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ১১৮ খন আসনৰ সংখ্যা লাভ কৰিবলৈ তেওঁলোকক আৰু ১০ খন আসনৰ প্ৰয়োজন। ডিএমকেৰ সৈতে নিৰ্বাচন খেলি ৫ খন আসন লাভ কৰা কংগ্ৰেছৰ এই সমৰ্থন বিজয়ৰ বাবে এতিয়া অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।

কংগ্ৰেছ দলে এই মিত্ৰতাক কেৱল চৰকাৰ গঠনৰ বাবে কৰা এক বুজাবুজি বুলি নহয়, বুলিও অভিহিত কৰিছে। তেওঁলোকৰ মতে এই অংশীদাৰিত্বৰ এক ঐতিহাসিক দায়িত্ব আছে আৰু ই আগন্তুক লোকসভা, ৰাজ্যসভা তথা স্থানীয় নিৰ্বাচনসমূহলৈকেও অব্যাহত থাকিব। এই মিত্ৰতাক প্ৰাক্তন মুখ্যমন্ত্রী কে কামৰাজৰ উত্তৰাধিকাৰ তথা পেৰিয়াৰ আৰু বি আৰ আম্বেদকাৰৰ সামাজিক ন্যায়ৰ নীতিৰ সৈতে তুলনা কৰা হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু বিজয় দুয়োজনেই জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ বাবে একেলগে কাম কৰিবলৈ আগ্ৰহী বুলিও বিবৃতিত উল্লেখ কৰা হৈছে।

Related News