NORTHEAST NOW (Assamese)
অসম

চামগুৰিৰ তেল ডিপোসমূহত মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা February 6, 2021 8:39 pm
WhatsApp Image 2021-02-06 at 4.09.59 PM

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ মিছা, ৰঙাগড়া আৰু আমনিস্থিত তেল ডিপোত কংগ্ৰেছ কৰ্মীসকলে শনিবাৰে তিনি ঘন্টা ধৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ কৰে।

শনিবাৰে  পুৱা প্ৰায় দহ মান বজাৰ পৰা তিনি ঘন্টা ধৰি চামগুৰি সমষ্টিৰ অন্তৰ্গত ৰঙাগড়া, আমনি আৰু মিছাস্থিত পেট্ৰ’ল আৰু ডিজেলৰ তেল ডিপোত পৃথকে পৃথকে বাজিয়াগাওঁ আৰু লাওখোৱা ব্লক কংগ্ৰেছৰ নেতা-কৰ্মী সকলে প্ৰতিবাদ সাৱ্যস্ত কৰে।

পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি নিত্য ব্যৱহৃত সামগ্ৰীসমূহৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে।

হাতে হাতে প্লে কাড লৈ প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে নিত্য ব্যৱহৃত সামগ্ৰীসমূহৰ মূল্য হ্ৰাস কৰিবলৈ পৰিবৰ্তনকামী চৰকাৰখনক দাবী জনায়।