NORTHEAST NOW (Assamese)
অসম

বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে চৰ্তসাপেক্ষে মহাজোঁট কৰিব কংগ্ৰেছে; গ্ৰহণ কৰা হৈছে কেতবোৰ সিদ্ধান্ত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 18, 2020 9:12 pm
49ed8ce1-eba5-4cf2-97f3-a5e5c0057dae

মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ ক’ৰ কমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই ক’ৰ কমিটিৰ বৈঠকত গৃহীত হৈছে কেবাটাও প্ৰস্তাৱ। কংগ্ৰেছৰ এক উচ্চস্তৰীয় সুত্ৰই জনাইছে এই কথা।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত হোটেল গেটৱে গ্ৰেণ্ডিউৰত অনুষ্ঠিত হৈছিল এই বৈঠক।

কংগ্ৰেছ-এআইয়ুডিএফকে ধৰি আঞ্চলিক গণ মৰ্চা, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰস্তাৱিত নতুন ৰাজনৈতিক দল, ৭০ সংগঠনৰ প্ৰস্তাৱিত ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা কৰা হ’ব বুলি চুড়ান্ত সিদ্ধান্ত লোৱা বুলি সুত্ৰটোৱে জনায়।

প্ৰয়োজন সাপেক্ষে যি সমষ্টিত যি বিৰোধী প্ৰাৰ্থীৰ জয়ী হোৱাৰ সম্ভাৱনা থাকে, তেওঁ মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’লে তেওঁলোকক সেই আসনখন এৰি দিবলৈ প্ৰস্তুত বুলি সুত্ৰটোৱে জনায়।

ইয়াৰোপৰি, বিজেপি বিৰোধী সকলো দলৰে লগত কংগ্ৰেছে মহাজোঁটৰ সৃষ্টি কৰাৰ সিদ্ধান্ত লৈ সকলোৰে লগত মিত্ৰতাৰ বাবে প্ৰস্তাৱ আগবঢ়াব বুলিও বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি সু্ত্ৰটোৱে জানিবলৈ দিয়ে।

এআইয়ুডিএফৰ লগত মিত্ৰতা হ’লেও কংগ্ৰেছৰ প্ৰাৰ্থীয়েহে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব। বিজেপিয়ে এইক্ষেত্ৰত মিছা প্ৰচাৰ চলাই লাভ নাই বুলি দাবী কৰিছে সূত্ৰটোৱে।

ইপিনে, সুত্ৰটোৱে জনোৱা অনুসৰি প্ৰত্যাহাৰ হ’ব প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুলু আহমেদকে ধৰি অন্যান্য কংগ্ৰেছী নেতাৰো নিলম্বন।

শেহতীয়াভাৱে হাজোৰ কংগ্ৰেছ নেতা দুলু আহমেদৰ নিলম্বনক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল তথা সোমবাৰে ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল হাজোৰ বহুসংখ্যক কংগ্ৰেছকৰ্মীয়ে।

মঙলবাৰেও প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল হাজোৰ যুৱ কংগ্ৰেছীয়ে।

উল্লেখযোগ্য যে যোৱা প্ৰায় এবছৰ ধৰি প্ৰদেশ কংগ্ৰেছৰ পৰা নিলম্বিত হৈ আছে দুলু আহমেদ। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল আহমেদ।

যাৰ বাবে দলৰ মাজতেই তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈ আছে।

কালি ৰাজীৱ ভৱনত দুলু আহমেদৰ সমৰ্থকে উত্তাল প্ৰতিবাদ কৰাৰ পাছতে এই বিষয়টো উত্থাপন হৈছিল মঙলবাৰৰ ক’ৰ কমিতিত।

এই বৈঠকত উপস্থিত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ডাঃ ভূমিধৰ বৰ্মন, দেৱব্ৰত শইকীয়া, প্ৰদ্যুত বৰদলৈকে ধৰি বহু সংখ্যক জ্যেষ্ঠ কংগ্ৰেছ নেতা।