NORTHEAST NOW (Assamese)
Popular Stories

বিজেপিৰ ফেইচবুক ইণ্ডিয়া কাণ্ড! : তদন্ত বিচাৰি ফেইচবুক প্ৰধান জুকাৰবাৰ্গলৈ পত্ৰ প্ৰেৰণ কংগ্ৰেছৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 18, 2020 8:54 pm
105572714-1542173326879modi

দেশৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে ফেইচবুক ইণ্ডিয়াই!

উল্লেখ্য যে ফেইচবুকে ভাৰতত শাসকীয় দলক বিশেষ ভাৱে সহায় কৰি অহা বুলি মাৰ্কিন সংবাদ মাধ্যমত চৰ্চা লাভ কৰাৰ পিছতে দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে।

বিৰোধী দল কংগ্ৰেছে শাসকীয় দল বিজেপিক এই সংক্ৰান্তত কটাক্ষ কৰাতেই সীমাৱদ্ধ নাথাকি ভাৰতত বিজেপিয়ে বিদ্ধেষমূলক মন্তব্য বিয়পাবলৈ কেনেকৈ অনুমতি লাভ কৰিলে তাৰ সম্পূৰ্ণ তদন্তৰো দাবী উত্থাপন কৰিছে।

তথ্য প্ৰযুক্তি বিষয়ক সংসদীয় স্থায়ী কমিটিৰ অধ্যক্ষ শশী থাৰুৰে ফেইচবুকৰ ভাৰতীয় শাখাৰ পৰিচালকক এই সংক্ৰান্তত জবাবদিহিৰ বাবে তলব কৰিবলৈ বিচাৰিছে যদিও শাসক পক্ষই বাধা দিছে।

ইফালে কংগ্ৰেছে এনে এটা বিশেষ সুযোগ নষ্ট নকৰি ইয়াক সদব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে। যোৱা দেওবাৰৰ পৰাই কংগ্ৰেছে বিষয়টোক গুৰুত্ব সহকাৰে লৈ বিজেপিক শলঠেকত পেলাবলৈ অহৰহ চেষ্টা কৰি থকা দেখা গৈছে।

ইয়াৰ মাজতে কংগ্ৰেছে এই সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ ফেইচবুকৰ প্ৰধান মাৰ্ক জোকাৰবাৰ্গলৈ এখন পত্ৰও প্ৰেৰণ কৰিছে।

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে এই সন্দৰ্ভত কয়, “আমেৰিকাৰ সংবাদ পত্ৰত ফেইচবুকৰ ভাৰতীয় শাখাৰ বিৰুদ্ধে বিজেপিৰ প্ৰতি পক্ষপাতিত্ব কৰাৰ অভিযোগ উঠিছে। আমি বিচাৰো সংস্থাৰ প্ৰধান হিচাপে মাৰ্ক জোকাৰবাৰ্গে তাৰ তদন্ত কৰক।”

অন্যহাতে বিষয়টোত বিজেপিয়ো পিছ পৰি থকা নাই। বিজেপিয়ে এই বিষয়টোক ৰাহুল গান্ধীৰ এক ৰাজনৈতিক এজেণ্ডা বুলিও অভিহিত কৰিছে।

কিন্তু তৃণমূল কংগ্ৰেছে এই বিষয়টোত কংগ্ৰেছৰ পক্ষ লোৱাৰ পাছত বিজেপিয়ে কিছু পিছ পৰি ৰোৱাৰ ফলত এই ৰাজনৈতিক যুঁজখন অতি আকৰ্ষণীয় হোৱাৰ সম্ভাৱনাই দেখা দিছে।