NORTHEAST NOW (Assamese)
অসম

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 27, 2021 10:12 am

কংগ্ৰেছ নেতা তথা দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান ঘটে।

জানিব পৰা মতে, দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা গৰাকীয়ে হৃদৰোগ জনিত সমস্যাত ভূগি আছিল।

মঙলবাৰে নিশা দেৰগাঁৱৰ এখন চিকিৎসালয়ত ৫৯ বছৰ বয়সত আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান ঘটে।

তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দিনত আৰতি হাজৰিকাই ২০১১ চনৰ পৰা ২০১৬ চনলৈ বিধায়িকা হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

আনহাতে, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত আৰতি হাজৰিকাই অসম গণ পৰিষদৰ ভবেন্দ্ৰ নাথ ভৰালীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাস্ত হয়।

কংগ্ৰেছৰ প্ৰাক্তন বিধায়িকা গৰাকীৰ বিয়োগত কংগ্ৰেছৰ বৰ্তমানৰ নেতা-কৰ্মী সকলৰ লগতে চৰকাৰৰ তৰফৰ পৰাও গভীৰ শোক ব্যক্ত কৰে।