NORTHEAST NOW (Assamese)

ক’ৰ’নাত আক্ৰান্ত হৈ গাজিয়াবাদৰ প্ৰাক্তন সাংসদৰ মৃত্যু

August 14, 2020 2:04 pm · এন ই নাও নিউজ

উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ প্ৰাক্তন সাংসদ তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সুৰেন্দ্ৰ গোয়েলৰ আজি ক’ৰ’না ভাইৰাছৰ ফলত মৃত্যু হয়।

৭৪ বছৰত দিল্লীৰ গংগাৰাম চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে সুৰেন্দ্ৰ গোয়েলে।

সাংসদৰ উপৰি গোয়েল বিধায়ক আৰু নগৰ নিগমৰ অধ্যক্ষও আছিল।

ক’ৰ’না ৰিপ’ৰ্ট পজিটিভ অহাৰ পিছতে যোৱা ২৭ জুলাই গোয়েলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যুত তেওঁৰ শুভাকাংক্ষী সকলে শোকত ভাঙি পৰা দেখা যায়।

ইফালে ৰাজনৈতিক কেৰিয়াৰত বিভিন্ন সফলতা অৰ্জন কৰা গোয়েলৰ মৃত্যুত উত্তৰ প্ৰদেশ কংগ্ৰেছেও গভীৰ শোক প্ৰকাশ কৰি এটা টুইট কৰিছে।

টুইটটোত কয় যে গাজিয়াবাদৰ প্ৰাক্তন সাংসদ সুৰেন্দ্ৰ গোয়েলৰ ক’ৰ’নাৰ ফলত মৃত্যু হয়। তেওঁ এগৰাকী সাহসী নেতা আছিল।

লগতে নেতাগৰাকীৰ মৃত আত্মাৰ সদগতি কামনা কৰাৰ লগতে পৰিয়লাৰ লোকক সমবেদনা জ্ঞাপন কৰে উত্তৰ প্ৰদেশ কংগ্ৰেছে।

Related News