NORTHEAST NOW (Assamese)

আৰু অপেক্ষা নহয়! অৱশেষত কংগ্ৰেছ এৰিলে দুলু আহমেদে

August 23, 2020 8:38 am · কল্পজ্যোতি শইকীয়া
কংগ্রেছ ত্যাগ কৰাৰ প্রাক্ মুহূর্তত দলীয় কৰ্মীৰ সৈতে শেষবাৰৰ বাবে মিলিত হৈছে দুলু আহমেদ। ফটো সৌজন্য: ফেচবুক

অৱশেষত কংগ্ৰেছ এৰিলে দুলু আহমেদে।

আজি হাজো ৰাজীৱ ভৱনত দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰি অৱশেষত পদত্যাগ কৰাৰ সিদ্ধান্ত লয় দুলুৱে।

যোৱা ২০ আগষ্ট দিনা ৰিপুন বৰাই দুলু আহমেদৰ বিৰুদ্ধে হত্যাৰ ভাবুকি দিয়া বুলি গুৰুতৰ অভিযোগ তুলি দিচপুৰ থানাত গোচৰ ৰুজু কৰিছিল।

তাৰ পাছতে আহমেদে শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি তেওঁৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে অনা অভিযোগ ভিত্তিহীন বুলি আখ্যা দিয়াৰ লগতে সেই অভিযোগ প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল।

দুলু আহমেদৰ ফেচবুক প’ষ্ট।

যদি অভিযোগ প্ৰমাণ কৰিব পাৰে তেন্তে আহমেদে নিজেই পদত্যাগ পত্ৰ দাখিল কৰিব বুলি দাবী কৰাৰ লগতে ৰিপুন বৰাই অভিযোগ প্ৰমাণ কৰিব নোৱাৰিলে স্ব ইচ্ছাৰে সভাপতি পদৰ পৰা পদত্যাগ কৰিবলৈ দাবী জনাইছিল।

কিন্তু অৱশেষত দুলু আহমেদে নিজে তেওঁৰ ফেচবুক পেইজৰ জৰিয়তে পদত্যাগ কৰা বুলি ঘোষণা কৰে।

জানিব পৰা মতে তেওঁ দলৰ হাইকমাণ্ডললৈ মেইলযোগে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।

যোৱা ১৩ মাহে দলীয় নেতৃত্বৰ বিৰুদ্ধে মুকলি বিষোদগাৰ কৰি দলৰ পৰা নিলম্বন হৈ আছিল দুলু আহমেদ।

Related News