NORTHEAST NOW (Assamese)
অসম

প্ৰণৱ গগৈ লৈ ৰাজীৱ ভৱনত শেষ শ্ৰদ্ধাঞ্জলি; স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰিল তৰুণ গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 4, 2020 8:22 pm
Pranab Gogoi

গুৱাহাটীৰ ৰাজীৱ ভৱনত জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰণৱ কুমাৰ গগৈ লৈ শেষ শ্ৰদ্ধাঞ্জলি জনায় প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ লগতে অন্যান্য কংগ্ৰেছী নেতা কৰ্মীসকলে।

হেলথ চিটি হাস্পতালৰ পৰা পোনে পোনে বিধানসভালৈ অনা হয় গগৈৰ নশ্বৰ দেহ। তাৰ পাছত ৰাজীৱ ভৱনলৈ অনা হয় প্ৰবীণ কংগ্ৰেছী নেতাগৰাকীৰ নশ্বৰ দেহ।

দীঘলীয়া সময় ৰাজনৈতিক ক্ষেত্ৰখনত একেলগে কাম কৰি অহা গগৈৰ মৃত্যুত শোকত ভাঙি পৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

গগৈয়ে অতীত মধুৰ স্মৃতি সুঁৱৰি বিশ্ববিদ্যালয়ত একেলগে অধ্যয়ন কৰাৰ পৰা যুৱ কংগ্ৰেছতো একেলগে ৰাজনীতি কৰা বুলি মন্তব্য কৰি স্মৃতি ৰোমন্থন কৰে।

ইয়াৰোপৰি সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ সময়ত প্ৰণৱ গগৈয়ে তেওঁক বহু সহায় কৰিছিল বুলি উল্লেখ কৰে।

“বেয়া দিনটো কংগ্ৰেছ দলটো ধৰি ৰাখি তেওঁ শক্তিশালী কৰিবলৈ প্ৰয়াস কৰিছিল। অসমীয়াৰ সংজ্ঞা, খিলঞ্জীয়াৰ সংজ্ঞাৰ বাহিৰেও অধ্যক্ষ হিচাপে তেওঁ বহু পাৰদৰ্শিতা দেখুৱাইছিল। তেওঁৰ নাম সদায় জিলিকি থাকিব। অতি দক্ষতাৰে তেওঁ অধক্ষৰ দায়িত্ব পালন কৰিছিল, তাক লৈ আমিও গৌৰৱ কৰোঁ।” গগৈয়ে এইদৰে কয়।

তেওঁ আৰু কয় “তেওঁক আমাৰ লাইখুটা বুলি ভাবোঁ। তেওঁ মোৰ বন্ধু আছিল, তেওঁৰ গাম্ভীৰ্যতা অসমবাসীয়ে স্বীকাৰ কৰিছে।”

আনহাতে, গুৱাহাটীৰ পৰা পোনে পোনে শিৱসাগৰলৈ নিজ গৃহলৈ লৈ যোৱা হয় প্ৰণৱ গগৈৰ নশ্বৰ দেহ।

উল্লেখযোগ্য যে,  সোমবাৰে নিশা প্ৰায় ১০.৪০ বজাত গুৱাহাটীৰ হেল্থ চিটি হস্পিতালত মৃত্যু হয় প্ৰণৱ কুমাৰ গগৈৰ।

বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল শিৱসাগৰ সমষ্টিৰ প্ৰাক্তন বিধায়কজন।

সোমবাৰে দুপৰীয়া চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছিল।