NORTHEAST NOW (Assamese)

এছপিজি নিৰাপত্তা উঠাই লোৱাৰ পিছত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক চৰকাৰী আৱাস এৰিবলৈ নিৰ্দেশ

July 2, 2020 8:05 am · এন ই নাও নিউজ
Updated: July 2, 2020 8:09 am
প্ৰিয়ংকা গান্ধী, ফাইল ফ'টো

সমস্যাই লগ নেৰা হৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক।

ইয়াৰ পূৰ্বে স্পেছিয়েল প্ৰ’টেকশ্যন গ্ৰুপ(এছপিজি) কেটগিৰীৰ নিৰাপত্তা উঠাই লোৱাৰ পিছত এইবাৰ দিল্লীস্থিত চৰকাৰী আৱাস খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে প্ৰিয়ংকা গান্ধীক।

অহা ১ আগষ্টৰ ভিতৰত প্ৰিয়ংকা গান্ধীক ঘৰ এৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

যদি প্ৰিয়ংকাই নিৰ্দিষ্ট সময়ৰ ভিতৰত চৰকাৰী আৱাস খালী নকৰে তেনে জৰিমনা বিহিব বুলি জনাইছে কেন্দ্ৰীয় চৰকাৰৰ এক সূত্ৰই।

ৰাজধানীৰ নিৰাপদ এলেকাৰূপে পৰিচিত লোধী ৰোডৰ এটা চৰকাৰী আৱাসত ১৯৯৭ চনৰ পৰাই প্ৰিয়ংকা গান্ধীয়ে বাস কৰি আহিছে।

যোৱা ৩০ জুনত দিল্লীৰ আৱাস আৰু নগৰ মন্ত্ৰালয়ে প্ৰিয়ংকা গান্ধীলৈ এক পত্ৰ প্ৰেৰণ কৰি উক্ত চৰকাৰী আৱাসটো ১ আগষ্টৰ ভিতৰত খালী কৰিবলৈ নিৰ্দেশ দিছে।

পত্ৰখনত জনোৱা হৈছে যে, লোডী এলেকাৰ ৩৫ নম্বৰ উক্ত আৱাসটো এচপিজি নিৰাপত্তাপ্ৰাপ্ত লোকৰ বাবেহে অনুমোদন কৰা হয়।

যিহেতু ইতিমধ্যে প্ৰিয়ংকাৰ গান্ধীৰ এচপিজি নিৰাপত্তা চৰকাৰে উঠাই লৈছে গতিকে প্ৰিয়ংকাই এতিয়া উক্ত আৱাসটোও এৰিব লাগিব।

উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেইমাহ মানৰ পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে প্ৰিয়ংকা গান্ধীৰ এছপিজি নিৰাপত্তা বাতিল কৰিছিল।

Related News