NORTHEAST NOW (Assamese)

“ঘোঁৰা চলাওক পেট্ৰ’ল-ডিজেল বচাওক”-মহানগৰীৰ ৰাজপথত ব্যতিক্ৰমী প্ৰতিবাদ কংগ্ৰেছ নেতাৰ

April 8, 2022 12:10 pm · কল্পজোতি শইকীয়া, গুৱাহাটী

“ঘোঁৰা চলাওক পেট্ৰ’ল-ডিজেল বচাওক। Horse Against Horse Trading” এয়া এগৰাকী কংগ্ৰেছী নেতাই ঘোঁৰাত উঠি প্ৰতিবাদ কৰা সময়ত লিখি লোৱা প্লে কাৰ্ডৰ বাক্য।

আজি পুৱাই পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ঘোঁৰাত উঠি প্ৰতিবাদ সাৱ্যস্ত কৰে প্ৰাক্তন সাংসদ আৰ পি শৰ্মাৰ।

দীঘলীপুখুৰীৰ পাৰৰ চাৰিওকাষে ঘোঁৰাত উঠি পৰিভ্ৰমণ কৰি কংগ্ৰেছী নেতা ৰামপ্ৰসাদ শৰ্মাই এইদৰে ব্যতিক্ৰমী ৰূপত প্ৰতিবাদ সাৱ্যস্ত কৰে।

লগতে পঢ়ক: বাছযাত্ৰীৰ বাবে উদ্বেগৰ খৱৰ; ৭০% বাছভাড়া বৃদ্ধিৰ প্ৰস্তাৱ মটৰ পৰিবহণ সন্থাৰ

প্ৰধানমন্ত্ৰী মোদীৰ শাসনকালত দুখীয়া ৰাইজে জীয়াই থকাৰ অধিকাৰ হেৰুৱাই পেলাইছে বুলি মন্তব্য কৰে প্ৰাক্তন সাংসদগৰাকীয়ে।

“পেট্ৰ’ল ডিজেলৰ দাম কমাব বুলি শাসনলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰ’ল-ডিজেলৰ দাম দুগুণ বঢ়ালে। যাৰ ফলত গাড়ীৰ ভাড়া ৭০ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত ল’বলগীয়া হৈছে। প্ৰত্যেক সাধাৰণ জনতাৰ পৰা লুটি আছে মোদী চৰকাৰে,” আৰ. পি শৰ্মাই এইদৰে কয়।

তদুপৰি, ৰাজ্যসভা নিৰ্বাচনত অভিযোগ উঠা ‘হৰ্ছ ট্ৰেডিঙ’ৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা আৰ পি শৰ্মাই। 

Related News