দিচপুৰত কংগ্ৰেছৰ প্ৰতিবাদ : গ্ৰেপ্তাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, তত্ত্বাৱধায়ক হৰিশ ৰাৱট সহ কেইবাগৰাকীও কংগ্ৰেছ নেতা
পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি নিখিল ভাৰত কংগ্ৰেছৰ আহ্বানত ভাৰত বন্ধৰ সময়তে গুৱাহাটীৰ দিচপুৰস্থিত মানবেন্দ্ৰ শৰ্মা চৌহদৰ পৰা প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু প্ৰদেশ কংগ্রেছৰ তত্বাৱধায়ক হৰিশ ৰাৱটৰ নেতৃত্বত কংগ্ৰেছে এক প্ৰতিবাদী সমদল উলিয়ায়।
কংগ্ৰেছৰ কেইবাশ প্ৰতিবাদকাৰীয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি জনতা ভৱন অভিমুখে ৰাওনা হয়।
প্ৰতিবাদী দলটোক আৰক্ষীয়ে দুটা স্থানত ৰখাবলৈ চেষ্টা কৰে যদিও আৰক্ষীৰ বেৰিকেড নেওচি প্ৰতিবাদকাৰীসকল জনতা ভৱনৰ সন্মুখত আহি উপস্থিত হয়।
প্ৰতিবাদকাৰী সকলে জি এছ ৰোডৰ বিভিন্ন স্থানত গাড়ী ৰখাই প্ৰতিবাদ সাব্যস্ত কৰে। সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে উত্তাল পৰিবেশ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ সৈতে খণ্ডযুদ্ধতো লিপ্ত হয়।
ইয়াৰ পাছতে আৰক্ষীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, অসমৰ তত্বাৱধায়ক হৰিশ ৰাৱত, কংগ্ৰেছ নেতা অকন বৰা, ববিতা শৰ্মা, ৰেকিবুদ্দিন আহমেদ প্ৰমুখ্যে বহুসংখ্যক নেতা কৰ্মীক আটক কৰি লৈ যায়।
আনহাতে, আজিৰ প্ৰতিবাদত ভাগ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়, “বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোক শাসনলৈ আহিলে কংগ্ৰেছৰ দিনতকৈ বস্তুৰ দাম আধা কৰি দিব। কিন্তু এতিয়া তাৰ সম্পূৰ্ণ ওলোটাতো হ’ল। পু্ঁজিপতিৰ স্বাৰ্থত কাম কৰা বিজেপিৰ দিনত এতিয়া অত্যৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যই সাধাৰণ ৰাইজৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে”।
তেওঁ লগতে কয় যে বিজেপি চৰকাৰে পূজিপতিৰ স্বাৰ্থ ৰক্ষাৰ বাবে আৰোপ কৰা সকলো ব্যৱস্থা বন্ধ নকৰিলে আৰু সামগ্ৰীৰ মূল্য হ্ৰাস নকৰিলে কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত থাকিব।
গুৱাহাটীত প্ৰতিবাদত অংশ লৈ হৰিশ ৰাৱটে বন্ধ সফল কৰাৰ বাবে দেশবাসীক ধন্যবাদ জনায়। তেওঁ তেওঁ সোণোৱাল চৰকাৰক ধিক্কাৰ দি কয়, “অসমত সোণোৱাল চৰকাৰে দমন নীতিৰে আমাৰ প্ৰতিবাদ স্তব্ধ কৰিবলৈ চেষ্টা কৰিছে। আমাৰ কৰ্মীৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে।”