NORTHEAST NOW (Assamese)

হত্যাৰ বলি কংগ্ৰেছ নেতাৰ কন্যা : প্ৰেমৰ প্ৰস্তাৱ নাকচৰ বাবেই ছুৰীৰে হানি হত্যা

April 19, 2024 5:11 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

হত্যাৰ বলি হ’ল কৰ্ণাটকৰ কংগ্ৰেছ নেতা নিৰঞ্জন হেৰেমথৰ কন্যা নেহা। বিশ্ববিদ্যালয়ৰ ভিতৰতে ছুৰীৰে আঘাত কৰি নেহাক হত্যা কৰিলে এজন যুৱকে। কে এল ই টেকন’লজিকেল ইউনিভাৰ্চিটিৰ নামৰ একেখন শিক্ষানুষ্ঠানতে নেহাৰ লগত একেলগে পঢ়িছিল হত্যাকাৰী যুৱকজন। 

হত্যাৰ বলি হোৱা নেহাৰ পিতৃ নিৰঞ্জন হীৰেমথ হুবলি ধৰৱাদ পৌৰ নিগমৰ কাউন্সিলাৰ। 

আৰক্ষীৰ তথ্য অনুসৰি, ফায়াজ নামৰ এজন যুৱকে যুৱতীগৰাকীক উপৰযুপৰি চোকা অস্ত্ৰৰে আঘাত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। থিতাতে নিহত হয় ভুক্তভোগী যুৱতীগৰাকী। 

ইতিমধ্যে এই ঘটনাৰ চিচি টিভি ফুটেজ লাভ কৰিছে আৰক্ষীয়ে। ফুটেজ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে কৰ্ণাটক আৰক্ষীয়ে। খবৰ অনুসৰি ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী ফায়াজক গ্ৰেপ্তাৰ কৰিছে। 

এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি ফয়াজে নেহাক প্ৰেমৰ প্ৰস্তাৱ দিছিল যদিও নেহাই নাকচ কৰিছিল। ইয়াৰ বাবেই ফায়াজে ক্ষুব্ধ হৈ এই হত্যাকাণ্ড সংঘটিত কৰে। 

 হত্যাকাৰী ফায়াজ কৰ্ণাটকৰ বেলাগাৱী জিলাৰ বাসিন্দা।  আৰক্ষী সূত্ৰই জনোৱা মতে ফায়াজ এজন চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ পুত্ৰ। ৬ মাহ আগতে বিশ্ববিদ্যালয়ৰ পৰীক্ষাত ফেইল কৰিছিল ফায়াজে, তাৰ পিছত আৰু বিশ্ববিদ্যালয়লৈ অহা নাছিল ফায়াজ।

কিন্তু ৬ মাহ পিছত যোৱা বৃহস্পতিবাৰে হাতত চোকা অস্ত্ৰ লৈ বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিছিল ফায়াজে। প্ৰৱেশ কৰিয়েই সি পোনে পোনে নেহাৰ ওচৰলৈ গৈ চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ কৰে।

উপৰ্যুপৰি আক্ৰমণ কৰি ফায়াজে পলায়নৰ চেষ্টা কৰিছিল যদিও স্থানীয় লোকে ফায়াজক আটক কৰি আৰক্ষীক গতাই দিয়ে। 

প্ৰাথমিক তদন্তৰ ভিত্তিত আৰক্ষীয়ে জনোৱা মতে, যোৱা কেইবামাহো ধৰি ফায়াজে নেহাৰ পিছত লাগি আছিল। দীৰ্ঘদিনে নেহাক প্ৰেমৰ প্ৰেস্তাৱ দি আছিল যুৱকজনে। কিন্তু যুৱকজনৰ প্ৰেম প্ৰস্তাৱ বাৰম্বাৰ প্ৰত্যাখান কৰিছিল নেহাই। 

তদন্তৰ সৈতে জড়িত এজন বিষয়াই কয় যে এই গোচৰটো একপক্ষীয় প্ৰেমৰ বাবে সংঘটিত হৈছে। ইয়াৰ পূৰ্বে ফায়াজে নিজৰ বহু বন্ধুক কৈছিল যে নেহাক হত্যা কৰি সি প্ৰেম প্ৰস্তাৱ প্ৰত্যাখান প্ৰতিশোধ পূৰণ কৰিব।

Related News