NORTHEAST NOW (Assamese)

নিজৰ ‘ৱাদা’ ৰাখিলে কংগ্ৰেছ তাৰকা ৰূপজ্যোতিয়ে; ‘সক্ৰিয়’ ৰাজনীতিৰ পৰা ল’লে সন্যাস

October 26, 2019 6:42 am · কল্পজ্যোতি শইকীয়া
Updated: October 26, 2019 7:50 am
কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মী

উপ নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে যোৱা ১৫ অক্টোবৰত সোণাৰিত এক সংবাদমেল সম্বোধন কৰি চাৰিওটা সমষ্টিতে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী নহ’লে ৰাজনীতি ত্যাগ কৰিম বুলি হুংকাৰ দিছিল মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

ৰূপজ্যোতিয়ে কৰা সেই ‘ৱাডা’(কথা) ৰাখি শুকুৰবাৰে মৰিয়নীত এক সংবাদমেল সম্বোধন কৰি ‘সক্ৰিয়’ ৰাজনীতিৰ পৰা সন্যাস লোৱাৰ কথা ঘোষণা কৰে।

‘’মই সক্ৰিয় ৰাজনীতি এৰিম, মেল-মিটিঙতো মোক নাপাব, ৰাজনৈতিক প্ৰচাৰ অভিযানতো মই নাথাকিম,’’-সংবাদমেলত এইদৰে কয় ৰূপজ্যোতিয়ে।

ইপিনে, ৰাজনীতি ত্যাগ কৰিম বুলি কিয় হুংকাৰ দিছিল তাৰো কাৰণ বাখ্যা কৰে ৰূপজ্যোতিয়ে।

‘’কেন্দ্ৰ-ৰাজ্যত বিজেপি দলৰ চৰকাৰ, আমাৰ ওচৰত টকা নাই, হেলিকপ্তাৰ নাই আমি কেনেকৈ বিজেপি দলৰ লগত যুঁজ দিম? কংগ্ৰেছৰ দলীয় কৰ্মীসকলো ক’ৰবাত মানসিকভাৱে বহি পৰিবলগীয়া হৈছে। মই ৰাজনীতি এৰিম বুলি দিয়া হুংকাৰৰ উদ্দেশ্য আছিল কংগ্ৰেছৰ কৰ্মীসকলক মানসিকভাৱে অলপমান সাহস আৰু মনোবল দিয়া,’’-ৰূপজ্যোতিয়ে কয়।

আনহাতে, সক্ৰিয় ৰাজনীতিত নাথাকে বুলি বিধায়কগৰাকীয়ে ঘোষণা কৰিলে যদিও সোণোৱাল চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দিয়ে। ‘ৱাডা বা কচম’ বিজেপিয়ে কিমান খাইছিল বুলিও প্ৰশ্ন কৰে বিধায়কগৰাকীয়ে।

‘’বিজেপি দলৰ কোনোবা যদি মাইকেলাল আছে, তেওঁলোকে এখন হোৱাইট পেপাৰ দিয়ক, তেওঁলোকে ২০১৪ আৰু ২০১৬ চনৰ আগত আৰু শেহতীয়াকৈ ২০১৯ চনৰ আগত তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দিছিল সেইবোৰ কিমান পূৰণ কৰিলে আৰু থকা কাৰ্য্যকালত কিমান পূৰণ কৰিব ইয়াৰ এক হোৱাইট পেপাৰ লাগে,’’-বিজেপিলৈ বিধায়কগৰাকীৰ প্ৰত্যাহ্বান।

ইপিনে,‘’শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিলে নে? ভিজন ডকুমেন্টৰ কিমান আখৰে আখৰে পালন কৰিলে? বুলি প্ৰশ্ন কৰি ৰূপজ্যোতিয়ে লগতে কয়, ‘’তেনেকুৱা ৱাডা কচম কিমান খাইছিল সেইখিনি পূৰণ কৰিলে নে?’’

‘’পাঁচ লাখ নিৱনুৱা যুৱকক চাকৰি দিম বুলি কৈছিল, সেই হিচাপত ৫ বছৰত ২৫ লাখ চাকৰি দিব লাগে, এতিয়া চাৰি বছৰ পূৰ হ’বৰ হ’ল ২০ লাখ চাকৰি দিব পাৰিব লাগিছিল, এতিয়া কেইটা চাকৰি দিলে আমাক হোৱাইট পেপাৰত লাগে,’’- ৰূপজ্যোতিৰ দাবী।

অৱশ্যে সক্ৰিয় ৰাজনীতি এৰিলেও বিধায়ক পদটো নেৰে ৰূপজ্যোতি কুৰ্মীয়ে। তেওঁ ৰাজনীতি ত্যাগ কৰিলেও বিধায়ক পদৰ পৰা পলায়ন নকৰে বুলি মন্তব্য কৰে।

Related News