NORTHEAST NOW (Assamese)

তিনি তালাকৰ বিৰোধিতা কৰো কিন্তু তিনি তালাক দিলে জেললৈ পঠিয়াব নালাগে-সংবাদমেলত কংগ্ৰেছ সাংসদ আব্দুল খালেক

August 10, 2019 11:49 am · কল্পজ্যোতি শইকীয়া
Updated: August 10, 2019 12:28 pm
দিচপুৰত আব্দুল খালেকৰ সংবাদমেল

লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত বৰপেটা সমষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে আজি গুৱাহাটী মহানগৰীৰ দিচপুৰৰ হোটেল ৰিভিয়াৰাত আনুষ্ঠানিকভাৱে প্ৰথমখন সংবাদমেল সম্বোধন কৰে।

সংবাদমেল সম্বোধন কৰি খালেকে ত্ৰিপল তালাক, এন আৰ চি, বান সমস্যা আদিৰ প্ৰসংগত মন্তব্য আগবঢ়ায়।

সংবাদ মেলত বৰপেটাৰ সাংসদগৰাকীয়ে চলিত লোকসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, বান-গৰাখহনীয়া, পৰ্যটন কেন্দ্ৰৰ উত্তোৰণ, মৰাপাট কল, অশোক কাগজ কল ইত্যাদিকে ধৰি তেওঁ মুঠ ২৬ টা প্ৰশ্ন উত্থাপন কৰে বুলি মন্তব্য কৰে।

এন আৰ চিৰ প্ৰসংগত মত প্ৰকাশ কৰি খালেকে কয় যিহেতু ৰাজ্যত চূড়ান্ত এন আৰ চি প্ৰকাশ হ’ব গতিকে ডি ভোটাৰৰ নামত হাৰাশাস্তি বন্ধ হ’ব লাগে। বিজেপিয়ে বিশেষ সম্প্ৰদায়ৰ ডি ভোটাৰৰ বিৰোধিতা কৰা বুলিও তেওঁ অভিযোগ কৰে।

তাৰোপৰি এন আৰ চিত নিয়োচিত কৰ্মচাৰীক চৰকাৰে বিশ্বাসত নলৈ এন আৰ চিৰ কাম পুনৰীক্ষণৰ বাবে আবেদন কৰা কাৰ্য্যই চৰকাৰৰ ফোঁপোলা স্বৰূপে উদঙাই দিছে বুলি উনুকিয়াই সাংসদগৰাকীয়ে।

এন আৰ চিৰ শুনানিৰ বাবে গৈ দুৰ্ঘটনাত পতিত হৈ মৃত্যু বৰণ কৰা লোকসকলৰ পৰিয়াললৈ ১০ লাখ টকা চৰকাৰী সাহায্য প্ৰদান কৰাৰো দাবী জনায় আব্দুল খালেকে।

আনহাতে, কোনো বিদেশীক ভাৰতত ঠাই দিব নালাগে বুলি মন্তব্য কৰি খালেকে কয় যে বিদেশী বুলি চিনাক্ত হোৱা সকলক দেশলৈ পঠোৱাৰ ব্যাৱস্থা কৰিব লাগে কিন্তু তেওঁলোকক ডিটেনশ্যন কেম্পত ৰখাৰ পক্ষপাতি তেওঁ নহয় বুলিও মন্তব্য কৰে খালেকে।

এইখন চৰকাৰ দিনত বিদেশী বুলি ঘোষিত লোকক আবেদন কৰাৰ পাছত উচ্চতম ন্যায়ালয়ে স্বদেশী বুলি ৰায় দিলে, সেনা বিষয়াক কিয় বিদেশী সজোৱা হৈছিল বুলিও চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে খালেকে।

তিনি তালাকৰ প্ৰসংগ উত্থাপন কৰি খালেকে কয় যে তেওঁ তিনি তালাকৰ বিৰোধী কিন্তু তিনি তালাক দিলে বুলিয়ে ধাৰা ৪ ৰ অধীনত জেললৈ প্ৰেৰণ কৰা কাৰ্য্যৰ তেওঁ বিৰোধিতা কৰে।

তদুপৰি, ৰাজ্যৰ ভয়াবহ বানপানীৰ পাছতো গৃহ মন্ত্ৰী অমিত শ্বাহ এবাৰো অসমলৈ নাহিল, গৰাখহনীয়া সমস্যাৰ সৈতে কেনেদৰে মোকাবিলা কৰিব  লাগে সেই কথা কেন্দ্ৰ চৰকাৰে আলোচনা কৰা নাই বুলিও বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনক সমালোচনা কৰি অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে বুলি দাবী জনায় খালেকে।

আকৌ এ আই য়ু ডি এফৰ সৈতে এতিয়াই মিত্ৰতাৰ প্ৰশ্ন অহা নাই বুলি মন্তব্য কৰি খালেকে কয় যে দলটোৰ সৈতে মিত্ৰতা কৰিলেও কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিহে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন জেষ্ঠ কংগ্ৰেছী নেতা ভুবনেশ্বৰ কলিতাই বিজেপিত যোগদান কৰাৰ প্ৰসংগত মত প্ৰকাশ কৰি খালেকে কলিতাক এগৰাকী সুবিধাবাদী আৰু স্বাৰ্থপৰ ব্যাক্তি হিচাপে অভিহিত কৰে।

খালেকে কয় যদি কংগ্ৰেছ বেয়া তেন্তে তেওঁ লোকসভাত কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিবই নালাগিছিল। গেলা পঁচাবোৰ থাকি পৰিবেশ প্ৰদূষণ কৰাতকৈ আতৰি যোৱাই শ্ৰেয় বুলি ক্ষোভেৰে কয় নৱ নিৰ্বাচিত সাংসদগৰাকীয়ে।

 

Related News