NORTHEAST NOW (Assamese)

বিহালীৰ ঘটনাৰ অভিনৱ প্ৰতিবাদ : সম্পূৰ্ণ ক’লা পোচাকত বীৰদৰ্পে বিধানসভাত প্ৰৱেশ ৰূপজ্যোতি কুৰ্মীৰ

January 30, 2019 9:49 am · এন ই নাও নিউজ
Updated: January 30, 2019 10:20 am
বিধানসভাত প্ৰৱেশ কৰাৰ আগ মুহূৰ্তত ৰূপজ্যোতি কুৰ্মী।

বিহালীত ২৯ জানুৱাৰিত এটি পানীকেঁচুৱাৰ গাত থকা ক’লা ৰঙৰ জেকেট খুলিবলৈ মাকক বাধ্য কৰোৱাৰ ঘটনাটোৰ আজি অভিনৱ ধৰণে প্ৰতিবাদ কৰিছে মৰিয়নিৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

সততে আচহুৱা পন্থাৰে প্ৰতিবাদ কৰাত অভ্যস্ত বিধায়কজন আজি বাজেট অধিৱেশনৰ বাবে বিধানসভাৰ মজিয়াত উপস্থিত হয় সম্পূৰ্ণ ক’লা পোচাকত। ভৰিৰ জোতাৰ পৰা পৰা চকুৰ চচমালৈকে বিধায়কজনে সকলো ক’লা পৰিধান কৰি বীৰদৰ্পে প্ৰৱেশ কৰে বিধানসভাত।

বিধানসভাত প্ৰৱেশ কৰাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত বিধায়কজনে তেওঁৰ কাপোৰ খুলি দেখুৱাবলৈ চৰকাৰক প্ৰত্যাহ্বান জনায়।

“মই চব ক’লা পিন্ধি আহিছো, সোণোৱাল আৰক্ষীৰ সাহস আছে যদি কাপোৰ খুলি দেখুৱাওক।“ বিধায়কজনে প্ৰত্যাহ্বান জনাই কয়। তেওঁ ইয়াক কালিৰ বিহালীৰ ঘটনাটোৰ প্ৰতিবাদ বুলি কয়।

উল্লেখযোগ্য যে বিহালীৰ বৰগাঙত ২৯ জানুৱাৰিত অনুষ্ঠিত এখন সভাত মুখ্য মন্ত্ৰীক ক’লা পতাকাৰ ফ’বিয়াৰ পৰা বচাবলৈ আৰক্ষীয়ে পানীকেঁচুৱাৰ গাত থকা ক’লা ৰঙৰ গৰম কাপোৰ পৰ্য্যন্ত খুলিবলৈ বাধ্য কৰিছিল আৰক্ষীয়ে। ইয়াৰ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ৰাজ্যজুৰি অব্যাহত আছে।

Related News