NORTHEAST NOW (Assamese)
অসম

পদ্ম হাজৰিকাৰ বন্দুক এক নাটক : চৰকাৰক ক্ষুৰধাৰ সমালোচনা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক August 3, 2020 4:58 pm

চতীয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বন্দুক লৈ সন্দেহযুক্ত নাগৰিকক হুংকাৰ দিয়া ঘটনাক নাটক আখ্যা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

খিলঞ্জীয়াৰ ভোটৰ আশাত পদ্ম হাজৰিকাৰ এই ভূমিকাক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে শাসকীয় গেৰুৱা বাহিনীৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী।

লগতে কভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপ অতি আসোৱাহপূৰ্ণ আৰু এয়া কেৱল নিৰ্বাচনী সমীকৰণৰ অংক বুলি মন্তব্য কৰে।

টীয়ক সমষ্টিৰ অন্তৰ্গত চিন্তামণিগড়ৰ বানবিধ্বস্ত জেলেঙীটোপ অঞ্চলৰ প্ৰায় ৪৫০ টা পৰিয়ালৰ মাজত কালি বান সাহায্য প্ৰদান কৰি সাংবাদিকৰ সৈতে হোৱা কথা বাৰ্তাত বিধায়ক কুৰ্মীয়ে এই মন্তব্য কৰে।