NORTHEAST NOW (Assamese)
Popular Stories

DCGIৰ অনুমতি প্ৰদান : অতি শীঘ্ৰেই ভাৰতত চূড়ান্ত পৰ্যায়ৰ ট্ৰায়েল হ’ব কোভিড ভেকচিনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 3, 2020 5:11 pm
COVID19-positive-1140x570

অক্সফোৰ্ডে প্ৰস্তুত কৰা ক’ৰ’না ভেকচিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্লীনিকেল ট্ৰায়েল ভাৰতত কৰাৰ বাবে ড্ৰাগছ কন্ট্ৰ’লৰ জেনেৰেল অৱ ইণ্ডিয়া(Drugs Controller General of India)ই দেওবাৰে নিশা অনুমতি প্ৰদান কৰিছে।

অক্সফোৰ্ডৰ সৈতে চুক্তিৱদ্ধ বিশ্বৰ বৃহত্তম ভেকচিন প্ৰস্তুতকাৰী তথা ক’ৰ’না ভেকচিনবিধৰ প্ৰস্তুতকাৰী ভাৰতীয় প্ৰতিষ্ঠান চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই এই কথা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, চুইডিছ প্ৰতিষ্ঠান আষ্ট্ৰজনেকাৰৰ সৈতে ভাৰতৰ চেৰাম-এ প্ৰস্তুত কৰা অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ কোভিডশ্বীল্ড নামৰ এই ভেকচিনটো ইতিমধ্যে প্ৰথম পৰ্যায় মানৱ দেহত পৰীক্ষণ সফলভাৱে সম্পন্ন হৈ গৈছে।

প্ৰথম পৰ্যায়ৰ পৰীক্ষণ সফলতাৰে সম্পন্ন হোৱাৰ পিছতে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে ভাৰত চৰকাৰৰ ওচৰত আবেদন জনাইছিল চেৰাম-এ।

কিন্তু চেৰমাৰ প্ৰথম প্ৰস্তাৱটো DCGIএ অগ্ৰাহ্য কৰাত চেৰামে দ্বিতীয়টো সংশোধিত প্ৰস্তাৱ আগবঢ়ায়।

DCGIএ চেৰামৰ সংশোধিত দ্বিতীয়টো প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু ভাৰতত ভেকচিনটো মানৱ শৰীৰত পৰীক্ষণ কৰিবলৈ অনুমতি প্ৰদান কৰিছে।

চেৰামৰ সংশোধিত দ্বিতীয়টো প্ৰস্তাৱ অনুসৰি দিল্লীস্থিত সৰ্ব ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান(AIIMS)সহ দেশৰ ১৭টা স্থানত ১৮ উৰ্দ্ধৰ ১৬০০ গৰাকী লোকৰ শৰীৰত এই ভেকচিনটো পৰীক্ষা কৰা হ’ব।

DCGIএ চেৰামক দেশৰ বিভিন্ন প্ৰান্তৰ অন্য ১৬টা স্থান নিৰ্ধাৰণৰ বাবে নিৰ্দেশ দিছে।

উল্লেখ্য যে, ইতিমধ্যে চেৰাম-এ ভেকচিনটো প্ৰস্তুত কৰিবলৈ সাজু হৈ উঠিছে। প্ৰতিষ্ঠানটোৰ শীৰ্ষ বিষয়া আদৰ পানোৱালাই ইতিমধ্যে ঘোষণা কৰিছে যে চেৰাম-এ নৱেম্বৰ ভিতৰত ৩০ ৰপৰা ৪০ লাখ ভেকচিন প্ৰস্তুত কৰিব।

ইয়াৰে ৫০ শতাংশ ভেকচিন ভাৰতৰ বাবে সংৰক্ষণ কৰি বাকী ৫০ শতাংশ ভেকচিন বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰাৰ কথা চেৰামৰ।