NORTHEAST NOW (Assamese)
অসম

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 18, 2025 3:06 pm

শেহতীয়াকৈ ওড়িশাত ইটোৰ পিছত সিটোকৈ দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। গোপালপুৰ, বালাচোৰ, বালাংগা, ব্ৰহ্মগিৰি আদি ঠাইবোৰ শিৰোনামলৈ আহিছে। এইবাৰ বিৰোধীয়ে চৰকাৰক আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰিছে। কেৱল সেয়াই নহয়, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া বিধানসভাৰ অধিৱেশনত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ আনিব বুলিও কৈছে বিৰোধী কংগ্রেছে৷

বুধবাৰে কংগ্ৰেছে ঘোষণা কৰে যে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া বাদল অধিৱেশনত শাসকীয় দলৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰা হ’ব। কংগ্ৰেছৰ বিধায়কসকলৰ বৈঠকৰ অন্তত বিধানসভাত তেওঁলোকৰ দলৰ নেতা ৰামচন্দ্ৰ কদমে কয়, “মহিলাৰ সুৰক্ষা, আইন-শৃংখলা বজাই ৰখা, কৃষক, দলিত, জনজাতীয় আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সমস্যা আদি গুৰুত্বপূৰ্ণ বিষয়ত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে।

বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কদমে কয় যে শাসকীয় দলটোৱে ৰাইজৰ আশা পূৰণ কৰাত ব্যৰ্থ হৈছে। কদমে ঘোষণা কৰে যে বিধানসভাত বিৰোধী দলে মহিলাৰ ওপৰত হোৱা অত্যাচাৰ, নিবনুৱা সমস্যা, উদ্যোগীকৰণৰ নামত উচ্ছেদ বৃদ্ধি, সাৰৰ নাটনি আৰু ক’লা বিপণন, ৰাজ্যত অনুসূচিত জাতি-জনজাতিৰ আইন সংশোধন আদিকে ধৰি কেইবাটাও বিষয় উত্থাপন কৰিব।

উল্লেখ্য যে ওড়িশা বিধানসভাৰ মুঠ ১৪৭খন আসনৰ ভিতৰত শাসকীয় বিজেপিৰ আসন ৭৮খন। মূল বিৰোধী দল বিজেডিত আছে ৫১ জন বিধায়ক। ইয়াৰ উপৰিও কংগ্ৰেছৰ ১৪ জন, চি পি আই (এম)ৰ এজন আৰু তিনিজন নিৰ্দলীয় বিধায়ক। অৰ্থাৎ সকলো বিৰোধী দলে একেলগে বিজেপিৰ বিৰুদ্ধে ভোট দিলেও বৰ্তমান ওড়িশা বিধানসভা ভংগ নহয়।