NORTHEAST NOW (Assamese)
অসম

মই শিশুকালৰ পৰাই ফুটবল নাচাও; সুনীল চেত্ৰীক ক’লে কংগ্ৰেছ সাংসদ শশী থাৰুৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 22, 2020 12:15 am

ভাৰতীয় ফুটবল দলৰ অধিনায়ক, তাৰকা ফুটবলাৰ সুনীল চেত্ৰীয়ে বুধবাৰে ইষ্টাগ্ৰাম লাইভত জেষ্ঠ কংগ্ৰেছী সাংসদ শশী থাৰুৰৰ সৈতে মত বিনিময় কৰে।

ইষ্টাগ্ৰাম লাইভত জেষ্ঠ কংগ্ৰেছী নেতা গৰাকীৰ সৈতে সুনীল চেত্ৰীয়ে মত বিনিময় কৰাৰ সময়ত থাৰুৰৰ প্ৰিয় খেলৰ বিষয়ে প্ৰশ্ন কৰে।

‘‘মই মোৰ শিশুকালৰ পৰা ফুটবল চোৱা নাই, মই অষ্ট্ৰেলিয়ান বিলাকে কোৱাৰ ধৰণে ক্ৰিকেট পাগল,’’ থাৰুৰে চেত্ৰীৰ প্ৰশ্নৰ উত্তৰত কয়।

‘‘মই মোৰ পিতৃৰ সৈতে মাত্ৰ সাত বছৰ বয়সতে প্ৰথমখন টেষ্ট ম্যেচ উপভোগ কৰিছিলো,’’ শশী থাৰুৰে লগতে কয়।

আনহাতে, ক্ৰিকেট নিজৰ প্ৰিয় খেল হলেও বৰ্তমান ভাৰতীয় ফুটবল দলটো যথেষ্ট প্ৰতিভাৱান বুলি সাংসদ গৰাকীয়ে উল্লেখ কৰি সুনীল চেত্ৰীৰ খেলৰো যথেষ্ঠ প্ৰশংসা কৰে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ভাৰতীয় জাতীয় ফুটবল দলৰ অধিনায়ক চেত্ৰীয়ে ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ সৈতেও ইষ্টাগ্ৰামত মত বিনিময়ত অংশ লৈছিল।