দিল্লীত ভয়াবহ বায়ু প্ৰদূষণ; চিকিৎসকৰ পৰামৰ্শ অনুসৰি গোৱাত পুত্ৰৰ সৈতে ছোনিয়া গান্ধী

দিল্লীৰ ভয়াবহ বায়ু প্ৰদূষণৰ পৰা হাত সাৰিবৰ বাবে শুকুৰবাৰে গোৱাত উপস্থিত হয় কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী আৰু তেওঁৰ পুত্ৰ ৰাহুল গান্ধী।
দিল্লীৰ ভয়াবহ প্ৰদূষণৰ পৰা আতৰত থকা বাবে চিকিৎসকে দিয়া পৰামৰ্শ গ্ৰহণ কৰিয়ে শুকুৰবাৰে গোৱাৰ পানাজিত উপস্থিত হয় হয় পুত্ৰ ৰাহুলৰ সৈতে ছোনিয়া গান্ধী।
কংগ্ৰেছ দলৰ এগৰাকী জেষ্ঠ নেতাই জনোৱা অনুসৰি দিল্লীৰ প্ৰদূষণে ছোনিয়া গান্ধীৰ এজমা আৰু বুকুৰ সংক্ৰমণ বৃদ্ধি কৰিব যাৰ বাবে চিকিৎসকে গান্ধীক দিল্লীৰ প্ৰদূষণৰ পৰা আতৰি থকাৰ পৰামৰ্শ দিছে।
জানিব পৰা মতে, দিল্লীৰ প্ৰদূষণৰ মাত্ৰা হ্ৰাস নোপোৱা পৰ্যন্ত গোৱাতে থাকিব কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী।
উল্লেখযোগ্য যে, বিগত সময়ছোৱাত দিল্লীত ভয়াবহ হাৰত বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাই আহিছে।
ক্ৰমাগতভাৱে বায়ুৰ গুণগত মান সূচাংকত দিল্লীৰ স্থান বেয়া আৰু অতিবেয়াৰ পৰ্যায়ত আছে।
দিল্লী চৰকাৰে ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণৰ পৰা জনসাধাৰণক সকাহ দিয়াৰ উদ্দেশ্যে ঠায়ে ঠায়ে বায়ু সংশাধক যন্ত্ৰ স্থাপন কৰিছে।