NORTHEAST NOW (Assamese)

Sonia Gandhi Covid Positive: কোভিদত আক্ৰান্ত ছোনিয়া গান্ধী; সামন্য জ্বৰৰ লগতে আছে আন লক্ষণো

June 2, 2022 3:54 pm · এন ই নাও নিউজ, গুৱাহাটী

কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী কোভিদত আক্ৰান্ত হৈছে। তেওঁৰ শৰীৰত মৃদু জ্বৰৰ লগতে আন কিছুমান লক্ষণো আছে। কোভিড ধৰা পৰাৰ পিছতে তেওঁ নিজকে নিলগাই (আইছ’লেটেড) ৰাখিছে।

জানিব পৰা মতে তেওঁৰ শৰীৰত কিছুমান লক্ষণ দেখা দিয়াৰ পিছতে তেওঁ কোভিদ পৰীক্ষা কৰা হৈছিল। বুধবাৰে আবেলি তেওঁৰ পজিটিভ ধৰা পৰে।

যোৱা কেইদিনমানৰ পৰা কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে দলৰ কেইবাজনো নেতাৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছিল। জানিব পৰা মতে তেওঁলোকৰ মাজৰো কেইজনমান আক্ৰান্ত হৈছে। তেতিয়াৰ পৰাই তেওঁৰ কিছুমান শাৰীৰিক সমস্যাই দেখা দিছিল।

দলৰ মুখপাত্ৰ ৰণদীপ সুৰজেৱালাই কয় যে ছোনিয়া গান্ধীৰ সকলো প্ৰয়োজনীয় চিকিৎসা চলি আছে। তেওঁ অলপ সুস্থ অনুভৱ কৰিছে।

উল্লেখ্য যে ইডিয়ে বুধবাৰে ২০১২ চনৰ নেচনেল হেৰাল্ড গোচৰৰ সন্দৰ্ভত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক চমন জাৰি কৰিছিল। ইয়াকেলৈ গান্ধী পৰিয়ালটো পুনৰ অস্বস্তিত পৰিছে। প্ৰৱৰ্তন সঞ্চালকালয়ে বুধবাৰে নেচনেল হেৰাল্ড সম্পৰ্কীয় ধন লেনদেনৰ গোচৰত কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক মাতি পঠিয়াইছে।

Related News