NORTHEAST NOW (Assamese)

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

August 25, 2022 9:07 am · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ।

দোকানে দোকানে গৈ কংগ্ৰেছ নেতা কৰ্মীৰ সজাগতা সভা।

ছত্তীছগড়ৰ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক বিকাশ উপাধ্যায় শিৱসাগৰত উপস্থিত হৈ গ্ৰাহক আৰু বিক্ৰেতা সকলৰ সৈতে মত বিনিময় কৰে।

লগতে হাতে হাতে প্লে কাৰ্ড, বেনাৰ, গেছ চিলিণ্ডাৰ লৈ চৰকাৰৰ বিৰুদ্ধেও সৰৱ হৈ পৰে কংগ্ৰেছ নেতা গৰাকী।

এ পি চি চিৰ তত্বাৱধায়ক গৰাকীয়ে শিৱসাগৰ কেন্দ্ৰীয় বজাৰৰ দোকানে দোকানে ভ্ৰমণ কৰি মত বিনিময় কৰে গ্ৰাহক তথা বিক্ৰেতা সকলে । সমান্তৰালকৈ কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰে।

সকলো সামগ্ৰীৰে অত্যাধিক মূল্য বৃদ্ধিত জনসাধাৰণ জুৰুলা হৈছে। অথচ চকু মেল খোৱা নাই চৰকাৰৰ। চৰকাৰৰ চকু খোল খোৱাবলৈকে এই দেশজুৰি আমি এনে পদক্ষেপে লৈছোঁ। এই মন্তব্য বিকাশ উপাধ্যায়ৰ।

কাৰ্যসূচীত বিকাশ উপাধ্যায়ৰ উপৰিও অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তসহ শিৱসাগৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।

Related News