NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছৰ দায়িত্ববাহীৰ সালসলনি উত্তৰ-পূবত; প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰালৈ নতুন পদবী

Posted by: এন ই নাও নিউজ September 14, 2018 7:17 pm
rahul-gandhi-678x381

জ্যেষ্ঠ কংগ্ৰেছ নেতা, অসমৰ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ আৰু বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক ভূপেন বৰাক নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সম্পাদকৰূপে নিযুক্তি দিয়া হৈছে।

সভাপতি ৰাহুল গান্ধীয়ে শুকুৰবাৰে অসম কংগ্ৰেছৰ নেতা দুগৰাকীক এই পদত নিযুক্তি দিয়া বুলি জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক অশোক গেহলটৰ এক বিবৃতিত প্ৰকাশ।

বৰদলৈক নাগালেণ্ডৰ আৰু বৰাক ত্ৰিপুৰাৰ দায়িত্ব দিয়া হৈছে।

অসমৰ নেতা দুগৰাকীৰ উপৰি মেঘালয়ৰ জেনিথ চাংমা, চাৰ্লছ পিংৰ’প আৰু আমাপাৰিন লিংদ’, মণিপুৰৰ ৱিক্তৰ কেইচিং আৰু ত্ৰিপুৰাৰ প্ৰদ্যোত দেব বৰ্মনকো কংগ্ৰেছৰ সম্পাদকৰূপে শুকুৰবাৰে নিযুক্তি দিয়া হৈছে।

মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাৰ ভাতৃ জেনিথক অৰুণাচল প্ৰদেশ, পিংৰ’পক মণিপুৰৰ, লিংদ’ক মিজোৰামৰ, বৰ্মনক ছিকিম আৰু কেইচিঙক মেঘালয়ৰ দায়িত্ব দিয়া হৈছে।