NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ DGP ৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ লৈ বিধানসভাৰ অধ্যক্ষৰ কাষ চাপিল কংগ্ৰেছ

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী September 25, 2021 9:50 pm

অসমৰ আৰক্ষীৰ সঞ্চালক প্রধানৰ অসমৰ বিধায়ক সকলৰ প্ৰতি কৰা অশোভনীয় মন্তব্যৰ বিষয়ে অভিযোগ আৰু বিশেষাধিকাৰ ভংগৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবীৰে কংগ্ৰেছৰ বিধায়িনী দলে বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে।

কালি ছিপাঝাৰত সংবাদমাধ্যমৰ সন্মুখত অসমৰ আৰক্ষী প্রধানে সাংবাদিকৰ আগত ‘মই পুলিচ, বিধায়ক-চিধায়ক নামানো’— এই মন্তব্য কৰি সাংবিধানিকভাবে ৰাজ্যৰ বিধি প্রণয়ন কৰা বিধায়ক সকলৰ মৰ্য্যাদা হানিকৰক মন্তব্য দিছে বুলি অভিযোগ তোলে বিৰোধী উপ দলপতি ৰকিবুল হুছেইনে।

তেওঁৰ মতে “এই মন্তব্যই সামগ্রিকভাবে সকলো বিধায়কৰ মৰ্য্যাদা হানি কৰা মানে অসম বিধানসভাৰ মৰ্য্যাদা হানি কৰাকে সূচায়।”

“তেখেতৰ দৰে উচ্চ শিক্ষিত চৰকাৰী কাৰ্য্যপালিকাৰ এজন সর্বোচ্চ বিষয়া, যি বিষয়া জনে দুষ্টৰ দমন, আইন পালন কৰিবলৈ ন্যায়পালিকা আৰু আমি প্রস্তুত কৰা আইনব সন্মান জনাব লাগে; তেনে এজন শীর্ষ ব্যক্তিৰ মুখত এনে অসাংবিধানিক মন্তব্য অতি ভয়ংকৰ।” স্মাৰক পত্ৰত উল্লেখ।

এনে মন্তব্যৰ দ্বাৰা তেখেতে আমাৰ দেশৰ গণতন্ত্র, সাংবিধানিক ব্যৱস্থাৰ প্ৰতি ভাবুকি আনিছে বুলিও কংগ্ৰেছৰ বিধায়িনী দলে কয়।

সেয়েহে DGP ৰ ওপৰত বিশেষাধিকাৰ ভংগৰ লগতে যাবতীয় শাস্তিমূলক ব্যৱস্থাৰ বাবে বিষয়টো অধ্যক্ষৰ দৃষ্টিগোচৰ কৰে কংগ্ৰেছে।