NORTHEAST NOW (Assamese)
দেশ

‘মোদীৰ ১৫ লাখৰ প্ৰতিশ্ৰুতি আছিল মিছা, কিন্তু মই নিদিওঁ মিছা প্ৰতিশ্ৰুতি’: ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 28, 2023 9:31 pm
Rahul Gandhi

নিৰ্বাচনমুখী ছত্তীশগড়ত প্ৰচাৰ তুংগত আছে শাসকীয় কংগ্ৰেছৰ। পুনৰবাৰ ৰাজ্যখনত চৰকাৰ গঠনৰ লক্ষ্যৰে সাজু হৈ উঠিছে কংগ্ৰেছ। নিৰ্বাচনী যুঁজৰ প্ৰাকমুহূৰ্তত এক সভাত আজি প্ৰধানমন্ত্ৰী মোদীক কটাক্ষৰে সোচ্চাৰ হৈ পৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

২০১৪ চনত বৰ্তমানৰ প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক দেখুওৱা ১৫ লাখ টকাৰ সপোনক মিছা প্ৰতিশ্ৰুতি আখ্যা দি গান্ধীয়ে ছত্তীশগড়বাসীক দিয়ে নিজৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰাৰ আশ্বাস। সেই অনুসৰি কৃষকৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে ৰাহুল গান্ধীয়ে।

কাংকেৰ জিলাৰ ভানুপ্ৰতাপপুৰ বিধান সভা সমষ্টিত এক নিৰ্বাচনী সভাত ভাষণ দি ৰাহুল গান্ধীয়ে বিজেপিক তীব্ৰ আক্ৰমণ কৰি কয় যে বিজেপিয়ে কৃষকৰ ঋণ ৰেহাই দিব নোৱাৰে। তেওঁলোকে কেৱল আদানীৰ ঋণহে মাফ কৰিব পাৰে বুলি কটাক্ষ কৰে গান্ধীয়ে।

“আমি কৈছিলো যে কৃষকৰ ঋণ ৰেহাই দিয়া হ’ব আৰু আমি সেয়া প্ৰতিশ্ৰতি দিয়াৰ দৰেই পূৰণ কৰিলোঁ। মই আকৌ এবাৰ এই প্ৰতিশ্ৰুতি দিছো যে আমি পুনৰ ছত্তীশগড়ৰ কৃষকৰ ঋণ মাফ কৰিম।”— গান্ধীয়ে কয়।

গান্ধীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিটো বেংক একাউণ্টত ১৫ লাখ টকা জমা কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও একো নকৰিলে। আনহাতে তেওঁ নিজে জনসাধাৰণক মিছা প্ৰতিশ্ৰুতি নিদিয়ে বুলি আশ্বাস দি ৰান্ধীয়ে গান্ধীয়ে তেওঁ যি কয়, তাকেই কৰে বুলি উল্লেখ কৰে।

বিজেপিক তীক্ষ্ণ সমালোচনা কৰি কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপিয়ে কৃষকৰ ধন আদানী গোটকহে দিয়ে বুলি অভিযোগ কৰে আৰু দলটোৱে দুজন-তিনিজন উদ্যোগপতিৰ সুবিধাৰ্থে কাম কৰে বুলি দাবী কৰে।

ছত্তীশগড়ত কৃষকৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ উপৰিও গান্ধীয়ে বিদ্যালয়-মহাবিদ্যালয়ৰ বাবে বিনামূলীয়া শিক্ষাৰো প্ৰতিশ্ৰুতি দিছে। ৰাজ্যত চৰকাৰ গঠন হ’লে চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে ৰাহুল গান্ধীয়ে।