NORTHEAST NOW (Assamese)
অসম

২১ ৰ বিধান সভা নিৰ্বাচনত বিজেপিৰ মিছন ১০০ পৰা এটা শূন্য কটা যাব; কমল কুমাৰ মেধি

Posted by: ইয়াচিন আলী Updated by: ইয়াচিন আলী February 23, 2020 5:37 pm
20200223_153324

২০২১ চনত অসমত অনুষ্ঠিত হ’ব বিধান সভাৰ নিৰ্বাচন। নিৰ্বাচনলৈ এতিয়াও এটা বছৰ আছে।

কিন্তু ৰাজনৈতিক দলৰ নেতাসকলে ইতিমধ্যে নিৰ্বাচনী ৰণিশঙা বজাবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে।

বিজেপিয়ে ২০২১ ৰ নিৰ্বাচনক লক্ষ্য কৰিয়ে সংকল্প যাত্ৰাৰ যোগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসভা  আয়োজন কৰি আছে।

কিন্তু বিজেপিৰ এই প্ৰচাৰমুখী জনসভাৰ পৰিৱৰ্তে কংগ্ৰেছ আৰু অন্যান্য দলবোৰে প্ৰায় নিস্তেজ।

তেনে এক নিস্তেজ সময়তে বঙাইগাঁৱত আজি কংগ্ৰেছৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে বিজেপিক টাৰ্গেট কৰিছে।

মেধিয়ে বঙাইগাঁও জিলাৰ শাকতোলত আয়োজিত এখন দলীয় সভাত কয়, ‘’বিজেপিৰ মিছন ১০০ কংগ্ৰেছে হাইজেক কৰিছে। মিছন ১০০ বিজেপিৰ নহয়, কংগ্ৰেছৰ হে মিছন ১০০ হ’ব । ২০২১ ৰ নিৰ্বাচনত বিজেপিৰ মিছন ১০০ পৰা এটা শূন্য কটা যাব।’

‘গুজৰাটত দৰিদ্ৰতা দিনক দিনে বৃদ্ধি পাই আছে যাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আগমনৰ আগতেই গুজৰাটত থকা জুপুৰিবোৰ ঢাকি ৰাখিবলৈ নৰেন্দ্ৰ মোডীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে’ বুলিও কয় মেধিয়ে।

সভাত স্থানীয় বিধায়ক আব্দুল হাই নাগৰিয়ে উপস্থিত থাকি বিজেপিক সমালোচনা কৰাৰ লগতে ২১ ৰ নিৰ্বাচনত কংগ্ৰেছে বিজেপিত কৈ বেছি আসন পাব বুলি দাবী কৰে।