NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ গণ বিক্ষোভ কাৰ্য্যসূচী; সকলো ক্ষেত্ৰতে চৰকাৰ ব্যৰ্থতাৰ দাবীৰে দেৱব্ৰত শইকীয়াৰ চোকা সমালোচনা

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ November 14, 2019 7:02 pm
Congress protest at sivasagar

বৃহস্পতিবাৰে শিৱসাগৰ জিলা কংগ্ৰেছৰ উদ্যোগত আৰু আমগুৰি নাজিৰা থাওৰা শিৱসাগৰ সমষ্টিৰ সহযোগত শিৱসাগৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে এক বিশাল গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

জিলাখনৰ কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৰাজীৱ ভৱনৰ পৰা সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

দেশৰ ভয়াৱহ অৰ্থনৈতিক মন্দাৱস্থা, নিৱনুৱা সমস্যা, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ লগতে সকলো ক্ষেত্ৰতে বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত কংগ্ৰেছ কৰ্মীসকলে গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ  কৰে।

প্ৰতিবাদী কাৰ্যসূচীত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁই,  অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কল্যান গগৈৰ লগতে বহু নেতা কৰ্মী উপস্থিত থাকে।

‘‘বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণ ব্যৰ্থ হৈছে। তেওঁলোকে ধৰ্মৰ নামত, জাতিৰ নামত দেশৰ জনসাধাৰণক বিভাজন কৰিবলৈ চেষ্টা কৰিছে,’’ নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই কয়।

আনহাতে, থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁয়ে কংগ্ৰেছ চৰকাৰে গাঁৱৰ উন্নতিৰ হকে বহু আঁচনি গ্ৰহণ কৰিছিল আৰু এতিয়া বিজেপি চৰকাৰে সেই আঁচনিবোৰ বন্ধ কৰি দিছে বুলি অভিযোগ কৰে।

কংগ্ৰছে ৬৫ হাজাৰ কোটি টকাৰ এনৰেগা আঁচনিৰ জৰিয়তে গাঁৱৰ মানুহক শ্ৰম কৰি ধন উপাৰ্জন কৰিবলৈ সুবিধা দিছিল এতিয়া বিজেপি চৰকাৰে সেই আঁচনি বন্ধ কৰি দিয়াৰ ফলত গাঁৱত অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে বুলিও সুশান্ত বৰগোহাঁয়ে মন্তব্য কৰে।

তদুপৰি, বন্ধনকে ধৰি বিভিন্ন ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ পৰিষোধ কৰিব নোৱাৰি এইখন চৰকাৰৰ দিনতে গাঁৱৰ বহু লোকে আত্মহত্যাৰ পথ বাচি লবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছি বুলিও তেওঁ চৰকাৰক চোকা সমালোচনা কৰে।