NORTHEAST NOW (Assamese)

‘মহাভাৰতত শ্ৰীকৃষ্ণই অৰ্জুনক জেহাদ ঘোষণা কৰিবলৈ শিকাইছিল’: কংগ্ৰেছ নেতাৰ মন্তব্যকলৈ বিতৰ্ক

October 21, 2022 3:16 pm · এন ই নাও নিউজ, নতুন দিল্লী
শিৱৰাজ পাটিল।

Shivraj Patil says the Concept of jihad not just in Islam জেহাদৰ কথা কেৱল ইছলামতেই নাই। শ্ৰীমদ্ভাগৱত গীতা আৰু খ্ৰীষ্টান ধৰ্মতো আছে। এইদৰে মন্তব্য কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা শিৱৰাজ পাটিলে। বিজেপিয়ে তেওঁৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে। তেওঁলোকে অভিযোগ কৰিছে যে শিৱৰাজে ভোট বেংকৰ কথা মনত ৰাখিয়েই এনেধৰণৰ কথা কৈছে।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা মহছিনা কিদৱাইৰ আত্মজীৱনী মুকলি উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ দি লোকসভাৰ প্ৰাক্তন অধ্যক্ষ তথা প্ৰাক্তন গৃহমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।

লগতে পঢ়ক:হায়দৰাবাদত শোকাৱহ ঘটনা: গিজাৰ বিস্ফোৰণে প্ৰাণ ল’লে নৱবিবাহিত দম্পতীৰ

পাটিলে কয় যে ইছলামত জেহাদৰ উল্লেখৰ বিষয়ে বহুত আলোচনা হৈছে। তেওঁৰ ভাষাত “কেৱল কোৰাণতে নহয়, মহাভাৰততো, গীতাৰ অংশত শ্ৰীকৃষ্ণই অৰ্জুনক জেহাদৰ বিষয়ে কৈছে। ই কেৱল কোৰাণ বা গীতাতে নহয়, খ্ৰীষ্টান ধৰ্মতো আছে।”

লগতে পঢ়ক: অৰুণাচলত পুনৰ দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ: অব্যাহত উদ্ধাৰ অভিযান

৮৭ বছৰীয়া শিৱৰাজক কোৱা শুনা যায়, “যদি মানুহে সকলো কথা বুজাই কোৱাৰ পিছতো বুজি নাপায়, যদি তেওঁলোকে অস্ত্ৰ লৈ দৌৰি আহে, তেন্তে আপুনি পলাই যাব নোৱাৰে। আপুনি ইয়াক জেহাদ বুলি ক’ব নোৱাৰে। আপুনিও ভুল বুলিও ক’ব নোৱাৰে। আপুনি সেইটো বুজিব লাগিব। আমি হাতত অস্ত্ৰ-শস্ত্ৰ লৈ মানুহক সৈমান কৰাৰ এই ধাৰণাটোৰ পৰা ওলাই আহিব লাগিব।”

শিৱৰাজৰ এই মন্তব্যৰ পিছত বিজেপিয়ে তেওঁক সমালোচনা কৰে। দলৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই বিষয়টো সম্পৰ্কে টুইটাৰত এটা পোষ্ট কৰিছে। তেওঁ লিখিছে, “আপৰ গোপাল ইটালিয়া আৰু ৰাজেন্দ্ৰ পালৰ পিছত, এইবাৰ হিন্দু বিদ্বেষ আৰু ভোট বেংকৰ ৰাজনীতিৰ বাবে শিৱৰাজ পাটিলে ক’বলৈ আৰম্ভ কৰিছে যে শ্ৰী কৃষ্ণই অৰ্জুনক জেহাদ শিকাইছিল। কংগ্ৰেছে হিন্দু/গেৰুৱা সন্ত্ৰাসৰ কথা কয়, ৰাম মন্দিৰৰ বিৰোধিতা কৰে, ৰামৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। তেওঁলোকে কয় যে হিন্দুত্ব আইছিছৰ সমান।‘’ মুঠতে শিৱৰাজৰ মন্তব্যক লৈ সৰ্বত্ৰ তোলপাৰ।

Related News