NORTHEAST NOW (Assamese)

বিহাৰৰ দৰে গতি অসমত নহ’ব কংগ্ৰেছৰ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ উৎখাত হ’ব: আশাবাদী গৌৰৱ গগৈ

November 15, 2025 8:38 pm · এন ই নাও নিউজ, গুৱাহাটী

বিহাৰ নিৰ্বাচনৰ ফলাফলক লৈ ৰাজনৈতিক মহলত ব্যাপক আলোচনা চলিছে। কংগ্ৰেছৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে অসমতো দলটোক তীব্ৰ সমালোচনাৰ সন্মুখীন হবলগীয়া হৈছে। ক্ৰমাগত পৰাজয়ৰ বাবে দলৰ নেতা ৰাহুল গান্ধীকো সমালোচনা কৰা দেখা গৈছে।

যোৰহাটৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে শেহতীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ এগজিট প‘লৰ ভৱিষ্যদ্বাণী আৰু চূড়ান্ত ফলাফলৰ মাজত থকা অমিলৰ কথা আঙুলিয়াই দিছে।

এখনি বিবৃতিত গগৈয়ে কয়- “বিহাৰৰ জনসাধাৰণে ভোট দিছে, তাত কোনো সন্দেহ নাই, কিন্তু তেওঁলোকে এনে একপক্ষীয় বিধানসভাৰ বাবেও ভোট দিয়া নাছিল। শ্ৰেষ্ঠ এগজিট প’লষ্টাৰকো পৰাস্ত কৰাৰ বাবে মই নিৰ্বাচন আয়োগ আৰু জ্ঞানেশ জীক অভিনন্দন জনাইছোঁ।”

তেওঁ উল্লেখ কৰে যে এগজিট পলসমূহে যি ভোটৰ অংশীদাৰিত্ব দেখুৱাইছিল, তাৰ বিপৰীতে চূড়ান্ত ফলাফলে দলসমূহৰ মাজত সৰু সৰু পাৰ্থক্যহে প্ৰতিফলিত কৰিছে। ইয়াৰ দ্বাৰা গগৈয়ে “নিৰ্বাচিত আসনত লক্ষ্য কৰি ভোট চুৰি” কৰা ঘটনাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰিছে, যিয়ে সামগ্ৰিক ফলাফলত যথেষ্ট প্ৰভাৱ পেলাইছে বুলি তেওঁ অনুমান কৰিছে।

তেওঁ আৰু কয় যে সংবাদ মাধ্যমে বিৰোধী দলসমূহক প্ৰশ্ন কৰি থাকিব পাৰে, কিন্তু নিৰ্বাচন আয়োগক তীক্ষ্ণ দৃষ্টিৰে পৰ্যবেক্ষণ কৰাৰ পৰা প্ৰায়ে বিৰত থাকে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতীয় গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে বিৰোধী দলসমূহে সত্য উদ্ঘাটনৰ বাবে অটল হৈ থাকিব।

পূৰ্বে, ১৪ নৱেম্বৰত বিহাৰত এন ডি এৰ বৃহৎ বিজয়ৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতাগৰাকীয়ে স্পষ্ট কৰিছিল যে বিহাৰৰ ফলাফলে অসমক প্ৰভাৱিত নকৰে।

গগৈৰ ভাষ্য- “বিহাৰৰ ৰাইজে বিহাৰত ভোট দিব, আৰু অসমৰ ৰাইজে অসমত ভোট দিব। ইয়াত ডিমাছা, বড়ো, কাৰ্বি, ৰাভা, মৰাণ, মটক, গোৰ্খা আৰু বঙালী জনগোষ্ঠীয়ে হিমন্ত বিশ্ব শৰ্মাৰ একনায়কত্ববাদৰ অন্ত পেলাবলৈ ভোট দিব।”

Related News