NORTHEAST NOW (Assamese)

বিজেপিৰ বিৰুদ্ধে পৰিছে চাইলেণ্ট ভোট, দ্বিতীয় পৰ্যায়ত কংগ্ৰেছে পাব ৪ বা ৫ খন আসন : ৰিপুন বৰা

April 17, 2019 7:19 pm · এন ই নাও নিউজ

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ ব্যাপক উছাহ আনন্দৰ মাজতে কাইলৈ অৰ্থাৎ ১৮ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ৰ দৰে দ্বিতীয় পৰ্যায়টো অসমৰ পাঁচটাকৈ লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো কেইঘণ্টামান বাকী থকা অৱস্তাতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই প্ৰথম পৰ্যায়ৰ তুলনাত দ্বিতীয় পৰ্যায়ত অধিক ভাল ফলাফল লাভ কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।

সভাপতি ৰিপুন বৰাই কয় যে কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত পাঁচখন আসনৰ ভিতৰত তিনিখন আসন লাভ কৰাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত পাঁচখনৰ ভিতৰত কংগ্ৰেছে চাৰিখন অথবা পাঁচখন আসনেই লাভ কৰিব।

সভাপতি ৰিপুন বৰাই কয় যে বহুলোকে বিজেপিৰ ভায় ভাবুকিৰ বাবে মনে মনে বিজেপিৰ বিৰুদ্ধে ভোট দিছে। গতিকে তেওঁ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতকৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অধিক ভাল ফলাফল পাব বুলি প্ৰকাশ কৰে।

Related News