NORTHEAST NOW (Assamese)
অসম

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা January 16, 2021 1:18 pm
মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

অসম প্ৰদেশ কংগ্ৰেছে আজি বিভিন্ন অত্যাৱশ্যকীয়া সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।

দদৰাতো কংগ্ৰেছ কৰ্মী সকলে মূল্য বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

মূল্য বৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছৰ ৰাজভৱন ঘেৰাও কাৰ্য্যসূচীত অংশ ল’বলৈ অহা সহস্ৰাধিক কংগ্ৰেছ কৰ্মীক কামৰূপৰ দদৰাত আৰক্ষীয়ে আৱদ্ধ কৰি থৈছে।

আৰক্ষীয়ে ৰাজ ভৱন অভিমুখে আগবঢ়াত বাধা দিয়া কংগ্ৰেছ কৰ্মী সকলে দদৰাৰ ৰাজপথত কেইবা ঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কংগ্ৰেছ কৰ্মী সকলে হাজো- গুৱাহাটী ৰাজপথত অৱৰোধ কৰে যাৰফলত পথছোৱাত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।

বাৰে বাৰে আৰক্ষীয়ে প্ৰতিবাদী কংগ্ৰেছ কৰ্মী সকলক বাধা দিবলৈ চেষ্টা কৰিছে যদিও প্ৰতিবাদ কাৰী সকল শান্ত হোৱা নায়।

বিজেপি নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ খনে হিতালাৰী শাসন চলোৱাৰো অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছ কৰ্মী সকলে।