NORTHEAST NOW (Assamese)
অসম

দলীয় সংঘাতৰ পৰিণতি; কংগ্ৰেছ কৰ্মীয়ে লণ্ড-ভণ্ড কৰিলে হাজোৰ ৰাজীৱ ভৱন

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা August 27, 2020 5:03 pm
দলীয় সংঘাতৰ পৰিণতি; কংগ্ৰেছ কৰ্মীয়ে লণ্ড ভণ্ড কৰিলে হাজোৰ ৰাজীৱ ভৱন

বৃহস্পতিবাৰে বন্ধ কৰি দিয়া হ’ল হাজো সমষ্টিৰ কলিতাকুছিত থকা ৰাজীৱ ভৱন।

একাংশ কংগ্ৰেছ কৰ্মীয়ে লণ্ড-ভণ্ড কৰিলে ৰাজীৱ ভৱনৰ সকলো আচবাব, বেনাৰ-পোষ্টাৰ হাৰ্ডিঙ।

উল্লেখ্য যে নেতৃত্বৰে সংঘাতৰ পৰিণতিত কিছুদিন পূৰ্বে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল দুলু আহমেদে।

কিন্তু দুলু আহম্মেদে নিজাববীয়াকৈ সজা ৰাজীৱ ভৱনটো কংগ্ৰেছ কর্মীক দলীয় কাম কাজ কৰাৰ বাবে আগবঢ়াইছিল যদিও বুধবাৰে হাজো ব্লক কংগ্ৰেছৰ সভাপতি জিতেন্দ্ৰ ভৰালীক পদৰ পৰা অপসাৰণ কৰাৰ পাছত জাঙুৰ খাই উঠিছে কংগ্ৰেছ কৰ্মী সকল।

হাজো মহিলা কংগ্ৰেছৰ সভানেত্ৰী পুতুলি মহন্তইও ইতিমধ্যে দল ত্যাগৰ কথা ঘোষণা কৰিছে।

বহু কংগ্ৰেছ নেতা-কৰ্মীয়ে এতিয়া দুলু আহমেদৰ দলত যোগদান কৰিব।

ইপিনে, ৰিপুন বৰা, ৰকিবুল হুছেইনৰ পুত্তলিকা দাহ কৰি কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাৱ্যস্ত কৰে।