NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত সমষ্টিত চিপিআই(এম-এল)ৰ প্ৰাৰ্থী, প্ৰতিবাদত জ্বলিছে বিহালী

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম March 5, 2021 3:45 pm
bhaba

কংগ্ৰেছ মিত্ৰজোঁটে তালিকা প্ৰায় নিশ্চিত হোৱাৰ লগে লগে বিহালীত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

৭৭ নং বিহালী বিধান সভা সমষ্টি কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত আছিল যদিও এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে চি.পি.আই এম.এল দলৰ প্ৰাৰ্থী বিবেক দাসক প্ৰাৰ্থিত্ব প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে তীব্ৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল ।

কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদান কৰাৰ বিপৰীতে চিপিআই(এম-এল) দলৰ প্ৰাৰ্থী বিবেক দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাত তীব্ৰ অসন্তুষ্ট হৈ পৰিছে বিহালী কংগ্ৰেছ কৰ্মীসকল ৷

কংগ্ৰেছ দলৰ নেতা তথা প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰেমলাল গঞ্জুক দলীয় প্ৰাৰ্থীত্ব প্ৰদান নকৰাত কংগ্ৰেছ সভাপতি ৰিপুন বৰাৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভ উজাৰিছে কংগ্ৰেছ কৰ্মীয়ে ৷

কংগ্ৰেছ দলৰ বিহালীৰ ১৭ টা মণ্ডলে সমুহীয়া পদত্যাগ কৰাৰ সমান্তৰালকৈ প্ৰেমলাল গঞ্জুক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

কংগ্ৰেছ দলৰ কৰ্মীসকলে কংগ্ৰেছ দলৰ বেনাৰ, পোষ্টাৰ সমুহ ফালি পেলোৱাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ প্ৰতিমূৰ্ত্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।