NORTHEAST NOW (Assamese)

অসম গ্ৰন্থ মেলাঃ সচেতন কবি -গল্পকাৰ ৰশ্মিৰেখা বৰাৰ নৱতম গ্ৰন্থ ‘ক্ৰান্তি জাৰি ছ’ উন্মোচন

January 7, 2024 9:17 pm · এন ই নাও নিউজ, গুৱাহাটী

চলিত অসম গ্ৰন্থ মেলাত আজি বিয়লি ৫.৩০ বজাত গ্ৰন্থ মেলাস্থলীৰ পদাতিক ষ্টলৰ বাকৰিত উন্মোচিত হয় ৰশ্মিৰেখা বৰাৰ সদ্য প্ৰকাশিত গ্ৰন্থ ‘ক্ৰান্তি জাৰী ছ’।

এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে বোকাখাতৰ প্ৰয়াস অধ্যয়ন চক্ৰই। নাৰী অধিকাৰ কৰ্মী তথা সমঅধিকাৰ আৰু সামাজিক ন্যায়ত বিশ্বাসী ৰশ্মিৰেখা বৰাই নিজ কলমক প্ৰতিৰোধৰ হাথিয়াৰ হিচাপে গণ্য কৰিছে।

ৰটাৰী পীচ ফেল’শ্বিপৰ কালছোৱাত (২০১৫ – ২০১৭) জাপানৰ ইন্টাৰনেশ্ব’নেল খ্ৰীষ্টিয়ান ইউনিভাৰ্ছিটিত কৰা অধ্যয়নত ক্ষেত্ৰ ভিত্তিক অনুসন্ধানৰ বাবে নেপাললৈ গৈ তাৰ দহ বছৰীয়া গণযুদ্ধত অংশ লোৱা বহু মহিলা যুঁজাৰুৰ সাক্ষাৎকাৰ লৈছিল ৰশ্মিৰেখা বৰাই।

আৰু তাৰ পিছতে বহুবছৰৰ পৰোক্ষ গৱেষণাৰ আধাৰত লিখি উলিয়াইছে গণযুদ্ধ তথা বৈপ্লৱিক সংগ্ৰামত মহিলাৰ ভুমিকা আৰু অৱস্থানৰ এক গুৰুত্বপূৰ্ণ দস্তাবেজ, গ্ৰন্থখনত যিকোনো পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ দৰেই তেনে সমাজৰ সমাজ সংস্কাৰ মুখী সংগ্ৰামতো মহিলাৰ ওপৰত হোৱা অন্যায়-অত্যাচৰৰ ছবি।

তথ্যমূলক সত্য-সন্ধান আৰু সৃষ্টিশীল ৰচনা শৈলীৰ সমন্বয়েৰে ই এখন অগতানুগতিক কিতাপ।

জুনু বৰা, ৰুণু দেৱী, নীলিক কুমাৰ, শান্তনু বৰঠাকুৰ, অপূৰ্ব কুমাৰ বৰুৱা, অৰিন্দম বৰকটকী , কুমুদ বৰুৱা, সমুদ্ৰ কাজল শইকীয়া, মৃণালিনী শইকীয়া ,অনুৰিতা পাঠক,জুৰী বৰুৱা ,ডেনি গাম প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰে প্ৰভাত বৰা আৰু ৰাণী গোহাঁয়ে।

Related News