NORTHEAST NOW (Assamese)
Popular Stories

এইটো বছৰতে নিৰ্মাণ হৈ উঠিব বিশ্বৰ সৰ্ববৃহৎ মহা মৃত্যুঞ্জয় মন্দিৰ

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা January 2, 2020 11:52 am
এইটো বছৰতে নিৰ্মাণ হৈ উঠিব বিশ্বৰ সৰ্ববৃহৎ মহা মৃত্যুঞ্জয় মন্দিৰ

আচাৰ্য ভৃগুগিৰি মহাৰাজৰ প্ৰচেষ্টাত ২০০৩ চনত পুৰণিগুদাম ভেৰভেৰি নৰসিংহ ক্ষেত্ৰত ৫১ কুণ্ডৰ মহা মৃত্যুঞ্জয় যজ্ঞ সম্পন্ন হৈছিল। তেতিয়াৰ পৰা প্ৰতিবছৰে যজ্ঞ অনুষ্ঠিত হৈ অহাৰ পিছত ২০১০ চনৰ পৰা ইয়াত বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহা মৃত্যুঞ্জয় মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হয়।

১২৬ ফুট উচ্চতাৰ নিৰ্মীয়মান এই মন্দিৰৰ কাম পূৰ্ণগতিত চলি আছে আৰু ২০২০ চনতে ই সম্পূৰ্ণ হৈ ২০২১ চনৰ জানুৱাৰী মাহত পূজা অৰ্চনাৰ কাম আৰম্ভ হ’ব বুলি মন্দিৰ পৰিচালনা সমিতি জানিবলৈ দিয়ে।

স্থানীয় ৰাইজে মন্দিৰ নিৰ্মাণ কৰিবৰ বাবে দান কৰা ভূমিৰ এক বৃহৎ অংশত মন্দিৰ নিৰ্মাণৰ লগতে বেদ বিদ্যালয়, গো শালা, কৃষিপাম ইত্যাদিৰ কাম চলি আছে।

এই মন্দিৰ চৌপাশে দহ হাজাৰ ভক্তই একেলগে পূজা অৰ্চনা কৰিব পাৰিব। উক্ত মন্দিৰত বিভিন্ন প্ৰকাৰে বহু নিবনুৱা সংস্থাপন হ’ব বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জনায়।

নিৰ্মাণকাৰ্য চলি থকা অৱস্থাতে মন্দিৰটো দৰ্শন কৰিবলৈ দৈনিক শ শ লোকৰ সমাগম ঘটে। বুধবাৰে ইংৰাজী নববৰ্ষৰ পহিলা দিনটোত মন্দিৰত ভক্তৰ লানি নিচিগা সোত বয়। পুৱাৰে পৰা অগণণ ভক্তই ইংৰাজী নতুন বছৰটো সুকলমে পাৰ হ’বৰ বাবে মন্দিৰত চাকি, ধুপ জ্বলাই প্ৰাৰ্থনা কৰে।