NORTHEAST NOW (Assamese)
অসম

পাছপ’ৰ্টত পদুমৰ চিহ্ন; সদনত উত্থাপিত প্ৰশ্নৰ উত্তৰ দিলে বৈদেশিক মন্ত্ৰালয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 13, 2019 9:31 am
passport_918d3f50

ভাৰতীয় পাছপ’ৰ্টত পদুম ফুলৰ চিহ্নক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। বিষয়টোক লৈ বৈদেশিক মন্ত্ৰালয়ে স্পষ্টীকৰণ দি কয় যে সুৰক্ষা মান শক্তিশালী কৰাৰ বাবেই পদুমৰ চিহ্ন লগোৱা হৈছে।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে বিষয়টোৰ সন্দৰ্ভত স্পষ্টীকৰণ দি কয় যে ভুৱা পাছপ’ৰ্ট চিনাক্ত কৰাৰ বাবে আৰু পাৰ্ছপ’ৰ্টৰ সুৰক্ষা দিশসমূহ শক্তিশালী কৰিবলৈ পদুমৰ চিহ্ন লগোৱা হৈছে।

তেওঁ লগতে কয় যে পদুম হৈছে আমাৰ ৰাষ্ট্ৰীয় ফুল।

passport-kamal_121219103314
পাছপ’ৰ্টত পদুমৰ চিহ্ন। ফটো: আজটকৰ সৌজন্যত

ৰবী কুমাৰে কয়,’’পদুমৰ উপৰিও আন কেইবাটাও চিহ্ন আছে। সময়ে সময়ে আন ৰাষ্ট্ৰীয় চিহ্নকো ব্যৱহাৰ কৰা হ’ব। ইয়াত সেইসমূহ চিহ্নকে ব্যৱহাৰ কৰা হ’ব যিবোৰ ভাৰতৰ সৈতে সম্পৰ্কিত।‘’

ইপিনে, লোকসভাত বৃহস্পতিবাৰে কংগ্ৰেছ সাংসদে এই বিষয়টো উত্থাপন কৰিছিল। কেৰালাৰ কোঝিকোডত পদুমৰ চিহ্ন থকা পাছপ’ৰ্ট বিতৰণ কৰাৰ বিষয়টো উত্থাপিত হৈছিল।

কংগ্ৰেছ সাংসদৰ অভিযোগ যে এয়া চৰকাৰী সংস্থাক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস কিয়নো পদুম বিজেপিৰ নিৰ্বাচনী প্ৰতীক।