NORTHEAST NOW (Assamese)
অসম

এইবাৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিব এইগৰাকী বলিউদ অভিনেতাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 22, 2019 12:32 pm
Kai-po-che

যোৱা বৃহস্পতিবাৰে কলকাতাত আই পি এলৰ নীলামত হঠাতে উচ্চাৰতি হ’ল তেওঁৰ নাম। ২০ লাখ টকাৰ বিনিময়ত তেওঁক দলত ল’লে মুম্বাই ইণ্ডিয়ানছে।

পিচে, ক্ৰিকেট বিশ্বত পৰিচিত হৈ পৰাৰ পূৰ্বে এই দুৰন্ত তৰুণক দেখা গৈছে বলিউদৰ চলচ্চিত্ৰত। নাম তেওঁৰ দিগ্বিজয় দেশমুখ।

ক্ৰিকেট খেলৰ ওপৰত ২০১৩বৰ্ষত মুক্তি পোৱা “কাই প’ চে’ ছবিখনৰ যোগেদি চলচ্চিত্ৰ জগতত ভুমুকি পাৰিছিল সুশান্ত সিং ৰাজপুতে।

সুশান্তৰ সৈতে ছবিখনত অভিনয় কৰা দেখা গৈছিল দিগ্বিজয়ক। চৈধ্য বছৰীয়া “আলি’ৰ ভূমিকাত দেখা গৈছিল দেশমুখক।

সেইগৰাকী অভিনেতাই এইবাৰ বাস্তৱ জীৱনত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলপথাৰত নামিব।

বৰ্তমান ২১ বছৰীয়া দিগ্বিজয়ৰ এগৰাকী পেচ বলাৰ হিচাপে চলিত চিজনতে ঘৰুৱা ক্ৰিকেটত অভিষেক ঘটিছে।

চৈয়দ মুস্তাক আলী ট্ৰফীত মহাৰাষ্ট্ৰৰ হৈ সাতখন খেল খেলি দিগ্বিজয়ে ৯টা উইকেট লাভ কৰিছে। এতিয়া ৰোহিত শৰ্মাৰ সৈতে খেলাৰ সৌভাগ্য হ’ল খেলুৱৈগৰাকীৰ।

আই পি এলত প্ৰথমবাৰৰ সুযোগ পোৱাৰ পাছতে দেশমুখে ৰঞ্জী ট্ৰফীৰ এখন খেলত দাঙি ধৰিলে দুৰ্দান্ত প্ৰদৰ্শন।

জম্মু আৰু কাশ্মীৰৰ বিৰুদ্ধে ছয় টা উইকেট লাভ কৰাৰ লগতে বেটেৰে ৮৩ৰাণৰ এক অনবদ্য ইনিংছো খেলিলে দিগ্বিজয়ে।

তৰুণ খেলুৱৈগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁ কেতিয়াও অভিনেতা হিচাপ পৰিচিত হ’ব বিচৰা নাছিল। সৰুৰে পৰা ক্ৰিকেটাৰ হিচাপে প্ৰতিষ্ঠা হোৱাৰ সপোনহে দেখিছিল। সাত বছৰ পাছত দিগ্বিজয়ৰ সেই সপোন পূৰণ হোৱাৰ পথত।

দিগ্বিজয়ে কয়,’’হয়,মই দিগ্বিজয়। মই “কাই প’ চে’ ছবিত আলিৰ চৰিত্ৰত অভিনয় কৰিছিলো। কিন্তু মই কেতিয়াও অভিনেতা নাছিলো, ক্ৰিকেটাৰেই আছিলো। কোনোৱে মোক অভিনেতা বুলিলেই খং উঠিছিল। “কাই প’ চে’ত ক্ৰিকেটৰ বহু দৃশ্য আছিল, সেয়েহে মান্তি হৈছিলো। শ্বুটিঙৰ বাবে চাৰি মাহ ক্ৰিকেটৰ অনুশীলন কৰিব নোৱাৰাৰ বাবে মন বেয়া হৈ পৰিছিল।‘’

এতিয়া আই পি এলৰ সুযোগটো সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ সাজু দুৰন্ত তৰুণ দিগ্বিজয়।