NORTHEAST NOW (Assamese)
অসম

পুত্ৰৰ মুক্তিৰ দাবীত অনশনত বহা প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 22, 2019 11:33 am

পুত্ৰৰ মুক্তিৰ দাবীত এগৰাকী আশীতীপৰ মাতৃয়ে অসুস্থ শৰীৰে ২০ ডিচেম্বৰৰ পৰা বহিছিল অনশনত। প্ৰিয়দা গগৈয়ে পুত্ৰ তথা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত মৰিয়নিৰ চেলেংহাট লুসুৰাখনস্থিত বাসগৃহৰ চোতালতে অনশন আৰম্ভ কৰিছিল।

মধুমেহ আৰু হৃদৰোগত আক্ৰান্ত প্ৰিয়দা গগৈৰ অনশনে আজি তিনিদিনত ভৰি দিছে। তেওঁৰ চৰকাৰলৈ অনুৰোধ পুত্ৰ অখিল গগৈক বিনাচৰ্তে মুকলি কৰিব লাগে।

অনশনত বহা প্ৰিয়দা গগৈক কালিৰে পৰা সংগ দিছে স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ইফালে অসুস্থ শৰীৰে অনশনত বহাৰ বাবে প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে।

উল্লেখযোগ্য যে শনিবাৰে অৰ্থাৎ ১৪ ডিচেম্বৰত NIA এ অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। আৰু ১৬ ডিচেম্বৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)য়ে কৃষক নেতা গৰাকীক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল।

১৭ ডিচেম্বৰত গুৱাহাটীত থকা NIA ৰ আদালতত অখিলক হাজিৰ কৰোৱাৰ পিছত আদালতে ১০ দিনৰ বাবে NIAৰ জিম্মালৈ নেতা গৰাকীক প্ৰেৰণ কৰে।